আজাৰা : বিহুৰ উখল মাখল পৰিৱেশৰ মাজতে এক ভয়ংকৰ পথ দুর্ঘটনা। বিহুৰ আনন্দৰ মাজতে এই ভয়ংকৰ পথ দুর্ঘটনাত নিহত দুজনকৈ যুৱক। মটৰ চাইকেল আৰু এম্বুলেন্সৰ মাজত হোৱা সংঘর্ষত নিহত হয় যুৱক দুজন।

ৰাজ্যজুৰি ৰাঙলী বিহুৰ উখল মাখল পৰিৱেশৰ মাজতে দক্ষিণ কামৰূপৰ বঙৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। মানুহ বিহুৰ দিনাই বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনাৰ প্ৰাণ হেৰুৱালে দুজনকৈ যুৱকে। এম্বুলেন্স আৰু বাইকৰ মুখামুখী সংঘৰ্ষত থিতাতে নিহত যুৱক দুজন।

মিৰ্জা দিশৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে কৱিন্দ নাথ আৰু পাৰ্থ ঠাকুৰীয়া নামৰ দুজন যুৱক এএছ-২৫-কিউ-০৯৬৮ নম্বৰৰ মটৰ চাইকেলেৰে বঙৰা অভিমুখে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা এমএল-০৮-চি-৯৮৮৮ নম্বৰৰ এখন এম্বুলেন্সত খুন্দা মাৰে।

দুর্ঘটনাস্থলীতে পাৰ্থ ঠাকুৰীয়া নামৰ যুৱকজন নিহত হয়। আনহাতে কৱিন্দ নাথ নামৰ যুৱকজনক অতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও বাটতে যুৱকজনে মৃত্যুক আকোৱালি লয়। পথ দুর্ঘটনাত দুজনকৈ যুৱকৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে।