গুৱাহাটী, ০৩ অক্টোবৰ, ২০২৩ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) ১৭ ৰ পৰা ২৮ ছেপ্টেম্বৰ পৰ্যন্ত এই সংমণ্ডলত চলোৱা নিয়মীয়া তালাচী আৰু অভিযানৰ সময়ত যাত্ৰীৰ সামগ্ৰী চুৰি কৰাৰ সৈতে জড়িত ১৮ জন লোকক গ্ৰেপ্তাৰ কৰে। বিভিন্ন ষ্টেচন আৰু ৰে’লত চলোৱা এই তালাচীৰ সময়ত নিউ জলপাইগুড়ী, লামডিং, কিষাণগঞ্জ, ডিমাপুৰ, জাগীৰোড, নিউ বঙাইগাঁও, বৰপেটা ৰোড, হোজাই আৰু গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা প্ৰায় ৩,৪৯,২০০ টকা মূল্যৰ মূল্যৱান সামগ্ৰী সফলতাৰে উদ্ধাৰ কৰে।

২৫ ছেপ্টেম্বৰ তাৰিখে হোজাইত নিয়মীয়া তালাচীৰ সময়ত হোজাইৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ এটি দলে ৩ জন লোকক গ্ৰেপ্তাৰ কৰে আৰু যাত্ৰীৰ পৰা চুৰি হোৱা প্ৰায় ৭৬,৮০০ টকা মূল্যৰ ছয়টা মোবাইল ফোন আৰু ৫,৪০০ টকা নগদ ধন উদ্ধাৰ কৰে। পিছত, উদ্ধাৰ হোৱা সামগ্ৰী আৰু গ্ৰেপ্তাৰ কৰা লোকসকলক পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে জিআৰপি/হোজাইৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শকৰ হাতত গতাই দিয়া হয়।

২০ ছেপ্টেম্বৰ তাৰিখে, লামডিং ৰে’ল ষ্টেচনত নিয়মীয়া তালাচীৰ সময়ত লামডিঙৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ এটি দলে ১ জন লোকক গ্ৰেপ্তাৰ কৰে আৰু যাত্ৰীৰ পৰা চুৰি হোৱা প্ৰায় ২৩,০০০ টকা মূল্যৰ এটা মোবাইল ফোন উদ্ধাৰ কৰে। পিছত, উদ্ধাৰ হোৱা মোবাইল ফোনটো আৰু গ্ৰেপ্তাৰ কৰা লোকজনক পৰৱৰ্তী প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে জিআৰপি/লামডিঙৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত গতাই দিয়া হয়।

১৭ ছেপ্টেম্বৰ তাৰিখে আন এটি ঘটনাত নিউ জলপাইগুড়ীৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে জিআৰপি/নিউ জলপাইগুড়ীৰ সৈতে যুটীয়াভাৱে নিউ জলপাইগুড়ী ৰে’ল ষ্টেচনত ৰে’ল নং ১৫৯০৯ (ডিব্ৰুগড়-লালগড়) অৱধ অসম এক্সপ্ৰেছ ৰে’লখনত অভিযান চলায় আৰু যাত্ৰীৰ পৰা চুৰি হোৱা প্ৰায় ২০,০০০ টকা মূল্যৰ দুটা মোবাইল ফোনৰ সৈতে ১ জন লোকক গ্ৰেপ্তাৰ কৰে। পিছত, উদ্ধাৰ হোৱা মোবাইল ফোন আৰু গ্ৰেপ্তাৰ কৰা লোকজনক পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে জিআৰপি/নিউ জলপাইগুড়ীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত গতাই দিয়া হয়।

২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ৰে’লৱে সুৰক্ষা বাহিনীয়ে প্ৰায় ১৩,২৩,৮৮৫ টকা মূল্যৰ যাত্ৰীৰ সামগ্ৰী চুৰি কৰাৰ সৈতে জড়িত ৮২ জন লোকক গ্ৰেপ্তাৰ কৰে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ), সদায়েই কিশোৰ-কিশোৰীক উদ্ধাৰ, দালালক গ্ৰেপ্তাৰ কৰা, নিচাজাতীয় সামগ্ৰী অথবা এৰি থৈ যোৱা সামগ্ৰী ও যাত্ৰীৰ চুৰি হোৱা মালবস্তু উদ্ধাৰৰ পৰা আৰম্ভ কৰি ৰে’ল ব্যৱহাৰকাৰীসকলক সম্পূৰ্ণ মাত্ৰাৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে এক গতিশীল ভূমিকা পালন কৰি আহিছে।