হাইলাকান্দি, ৩ অক্টোবৰ ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। ১০ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে সহকাৰী উপ পৰিদৰ্শক।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত থকাৰ মাজতে এইবাৰ এগৰাকী সহকাৰী উপ পৰিদৰ্শক পৰিল জালত।

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল হাইলাকান্দি জিলাৰ অন্তৰ্গত আব্দুলাপুৰ পুলিচ পেট্ৰল পোষ্টৰ সহকাৰী উপ পৰিদৰ্শক। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আব্দুলাপুৰ পুলিচ পেট্ৰল পোষ্টৰ সহকাৰী উপ পৰিদৰ্শক গৰাকী। ১০ হাজাৰ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে আব্দুলাপুৰ পুলিচ পেট্ৰল পোষ্টৰ সহকাৰী উপ পৰিদৰ্শক হিতোষ নাথ। দুই ফৈদৰ মাজত চলি থকা বিবাদৰ সমাধানৰ বাবে এজন লোকৰ পৰা আব্দুলাপুৰ পুলিচ পেট্ৰল পোষ্টৰ সহকাৰী উপ পৰিদৰ্শক হিতোষ নাথে দাবী কৰিছিল ৩০ হাজাৰ টকা।

পৰৱৰ্তী সময়ত এই উৎকোচৰ ধনৰ পৰিমাণ ২০ হাজাৰলৈ হ্ৰাস কৰিছিল আব্দুলাপুৰ পুলিচ পেট্ৰল পোষ্টৰ সহকাৰী উপ পৰিদৰ্শক হিতোষ নাথে। উৎকোচ দাবী কৰা লোকজন কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ। লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অতি কৌশলেৰে জাল পেলাই উৎকোচ লৈ থকা অৱস্থাত আব্দুলাপুৰ পুলিচ পেট্ৰল পোষ্টৰ সহকাৰী উপ পৰিদৰ্শক হিতোষ নাথক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়।

দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে আব্দুলাপুৰ পুলিচ পেট্ৰল পোষ্টত অভিযান চলাই ১০ হাজাৰ টকা লৈ থকা অৱস্থাত হিতোষ নাথাক হাতে-লোটে আটক কৰে। আব্দুলাপুৰ পুলিচ পেট্ৰল পোষ্টৰ সহকাৰী উপ পৰিদৰ্শক হিতোষ নাথৰ কবলৰ পৰা উৎকোচৰ ১৯ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে। দুৰ্নীতি নিবাৰক শাখাৰ হিতোষ নাথাক গ্ৰেপ্তাৰ কৰি এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৭৫/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।