গুৱাহাটী, সংবাদ ৩৬৫, ১০ নৱেম্বৰ : প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটী মহানগৰীত অঞ্জুমন ইছলামীয়াৰ উদ্যোগত হজৰত মহম্মদৰ জন্ম জয়ন্তী উপলক্ষে এক শুভযাত্ৰা উলিওৱা হয়।

ইছলাম ধৰ্মালম্বী লোকসকলৰ এই জুলুছে মহম্মদত শতাধিক লোকে অংশগ্ৰহণ কৰে।

ৰাইজৰ মাজত হজৰত মহম্মদৰ নীতি আৰু আদৰ্শৰ বাণী প্ৰেৰণ কৰি সমগ্ৰ বিশ্বতে শান্তি স্থাপনৰ বাবে এই শুভযাত্ৰা অনুষ্ঠিত কৰা হয়।

ইছলামপুৰৰ পৰা উলিওৱা এই যাত্ৰা মহানগৰীৰ আঠগাঁৱত অন্ত পৰে।