গুৱাহাটী, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ : নিজৰ গাঁঠিৰ ধন ভাঙি পশু-পক্ষীৰ তৃষ্ণা নিবাৰণৰ বাবে এজন যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ। যুৱকজনৰ নাম চাহিদ আহমেদ। মহানগৰীৰ ধীৰেনপাৰাৰ ইটাভাটা অঞ্চলৰ নিবাসী এই যুৱকজনে প্ৰতিদিনে নিজৰ কৰ্মস্থলীলৈ যোৱা পূৰ্বে এইদৰে ৰাজপথত ওলাই আহি ব্যস্ত হৈ পৰে এক বিশেষ কৰ্মত।

প্ৰতিদিনেই পুৱাৰ ভাগত চাহিদে ৰাজপথৰ দাঁতিত থকা কিছুমান পাত্ৰ ধুনীয়াকৈ পৰিষ্কাৰ কৰি এই পাত্ৰ সমূহত পানীৰ লগতে গাখীৰ আৰু বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী থৈ আহে। প্ৰথমে চাহিদৰ এই কৰ্ম সকলোকে আচৰিত কৰি তুলিছিল যদিও পিছলৈ চাহিদৰ এই কৰ্মৰ পিছত থকা মহান উদ্দেশ্য সকলোৱে বুজি পাই চাহিদৰ এই কৰ্মৰ লগত নিজকে জড়িত কৰে অঞ্চলটোৰ কেইবাগৰাকী যুৱকে।

গুৱাহাটী মহানগৰখন উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে যদিও কিছুক্ষেত্ৰত যেন কিছুমান কথাক আওকাণ কৰি অহা হৈছে সৰ্বসাধাৰণ ৰাইজৰ দৃষ্টিত গুৰুত্ব লাভ নকৰা এনেবোৰ দৃশ্যৰ মাজৰে এটা হৈছে উন্নয়নৰ ফলত পশু-পখীয়ে ভোগ কৰা কিছুমান সমস্যা। মহানগৰীৰ এই উন্নয়নে পশু-পক্ষীৰ বাবে সৃষ্টি কৰা এক অন্যতম গুৰুত্বপূৰ্ণ সমস্যই দৃষ্টি আকৰ্ষণ কৰিলে চাহিদা আহমেদৰ। মহানগৰীৰ নলা-নৰ্মদা সমূহ পকী কৰি পেলোৱাৰ ফলত এতিয়া পশু-পক্ষী সমূহ এটুপাল খোৱা পানীৰ পাবলৈ নাই। পশু-পক্ষী এই গুৰুত্বৰ সমস্য চাহিদাৰ দৃষ্টিত পৰাত চাহিদা পশু-পক্ষী সমূহৰ এই সমস্যৰ সমাধানলৈ এদিন ওলাই আহিল ৰাজপথলৈ।

ধীৰেনপাৰাৰ ইটাভাটা অঞ্চলত পথৰ দুয়ো কাষে পশু-পক্ষীৰ তৃষ্ণা নিবাৰণৰ বাবে চাহিদে নিজৰ গাঁঠিৰ ধন ভাঙি সংস্থাপন কৰিছে কেইখনমান বিশেষ পাত্ৰৰ। চাহিদে সংস্থাপন কৰা এই পাত্ৰ সমূহত পদপথৰ কুকুৰ, গৰু, মেকুৰীৰ লগতে চৰাইৰ বাবে প্ৰতিদিনে চাহিদে যোগান ধৰে খোৱা পানী আৰু বিভিন্ন খাদ্য সামগ্ৰী।

পশু-পক্ষী সমূহক খোৱা পানী আৰু খাদ্য যোগান ধৰাৰ লগতে চাহিদে ধীৰেনপাৰাৰ বিভিন্ন অঞ্চলত গছপুলি ৰোপণ কৰি পৰিবেশ সংৰক্ষণৰ বাবেও চেষ্টা অব্যাহত ৰাখিছে।

বৰ্তমান চাহিদ আহমেদ সমগ্ৰ ধীৰেনপাৰা অঞ্চলত ৰাইজৰ বাবে এক আদৰ্শস্বৰূপ হৈ পৰিছে। চাহিদক অনুসৰণ কৰি অঞ্চলটোৰ বহু লোক ওলাই আহিছে গছপুলি ৰোপণ কৰি পৰিবেশ সংৰক্ষণৰ বাবে।