গুৱাহাটী, সংবাদ ৩৬৫, ২৪ ছেপ্টেম্বৰ : মংগলবাৰে শংকৰদেৱ কলাক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত চাহ বাগানৰ চিকিৎসালয়সমূহত বিনামূলীয়া ঔষধৰ যোগান আঁচনি ঘোষণা কৰা হয় । এই আঁচনিখনৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত, স্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্য সভাৰ সদস্য কামাখ্যা প্ৰসাদ তাছা,পিজুছ হাজৰিকা আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি।

চাহ বাগিচাৰ বাবে এনেধৰণৰ আঁচনি লোৱাৰ বাবে স্বাস্থ্য আৰু বিত্ত আদি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই ৰামেশ্বৰ তেলী।

এই আঁচনিৰ উদ্বোধনৰ নিজৰ ভাষণত স্বাস্থ্য, বিত্ত আদি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্ৰমিকৰ লাইন বনাবৰ বাবে ৬০০ কোটি টকাৰ অনুমোদন কৰিছিলোঁ। প্ৰথম বাৰৰ বাবে ইমান বেছি পুঁজি অনুমোদন কৰা হৈছে চাহ বাগিচাৰ বাবে। ইয়াৰে ইতিমধ্যে ৩০০ কোটি টকা ব্যয় কৰা হৈছে ।

ইয়াৰোপৰি চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ সু স্বাস্থ্যৰ বাবে প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ হাতত ১২,০০০ টকাকৈ তুলি দিয়া হৈছে। ইতিমধ্যে ২৩০ গৰাকীৰ নাম পঞ্জীয়ন হৈছে।

টীয়ক চাহ বাগিছাৰ চিকিৎসালয়ত চিকিৎসক দেৱেন দত্তৰ ঘটনাৰ সন্দৰ্ভত কয় যে অপৰাধ মূলক ঘটনা,সামাজিক অৱক্ষয় আদিৰ বাবে আমি দায়ী । ইয়াৰ বাবে বিকাশ আৰু বিকাশৰ প্রয়োজন। অপৰাধ মূলক প্ৰত্যুত্তৰ আইনৰ জৰিয়তেও হব আৰু মমতাৰ জৰিয়তেও হব। ৫০০০ শ্ৰমিকৰ ভিতৰত মাজত ১জন চিকিৎসক দিলে দুয়োজনলৈ বিপদ হব ।

ইফালে চাহ বাগিচাৰ বাবে লোৱা এই আঁচনিৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্ব শৰ্মাৰ লগতে পিয়ুছ হাজৰিকাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে । লগতে চাহ বাগিচাৰ পুত্ৰ-কন্যাক পঢ়াৰ বাবে ধাউতি বৃদ্ধি কৰিবৰ বাবে অভিভাৱকসকলক বিশেষ যত্ন লবলৈ আহ্বান জনায় । এইক্ষেত্ৰত চাহ বাগিচাৰ মালিক, মেনেজাৰকো দায়িত্ব লবলৈ আহ্বান জনায় ।