নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ ছেপ্টেম্বৰ : দুৰ্গা পূজা প্ৰায় সমাগত। সকলো ব্যস্ত হৈ পৰিছে সমাগত দুৰ্গা পূজাক লৈ। কোনে কেনেদৰে পূজাক আদৰিব তাৰেই প্ৰস্তুতি চলিছে সকলোৰে মাজত। তাৰে মাজতে এক সুখবৰ।

দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ এক বিশেষ নিৰ্দেশনা। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পাব শুকুৰবাৰেই অৰ্থাৎ আজিয়েই লাভ কৰিব ছেপ্টেম্বৰ মাহৰ দৰমহা। ইতিমধ্যে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে ।

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলেও আজিয়েই লাভ কৰিব পেঞ্চনৰ ধন। অৰ্থাৎ দৰমহাৰ লগতে মুকলি কৰি দিয়া হ’ব পেঞ্চনসমূহ।