ৰঙিয়া, ৩১ জুলাইঃ ৰঙিয়াৰ ১নং নকুলৰ জলসিঞ্চন আঁচনিখন বৰ্তমানলৈ কাৰ্যক্ষম নকৰাত স্থানীয় লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদী জনতাই প্ৰথমে আঁচনিখনৰ পাম্প হাউচত তলা লগোৱাৰ পিছত মূল গেটত তলা ওলোমাই জলসিঞ্চন বিভাগ আৰু মন্ত্ৰী ৰঞ্জিত দত্তৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি কাৰ্যালয়টো উত্তাল কৰি তোলে। উল্লেখ্য যে, অঞ্চলটোৰ খেতি পথাৰত পানী যোগান ধৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা কোটি টকীয়া আঁচনিখনৰ পৰা খেতিয়কসকলে বৰ্তমানলৈ কৃষি কাৰ্য্যৰ বাবে এটুপি পানী পাবলৈ সক্ষম নহ’ল। কৃষি বিভাগৰ চূড়ান্ত গাফিলতিৰ কাৰণে পানীৰ অভাৱত কৃষি পথাৰ খেতিৰ অনুপযোগী হৈ পৰিছে৷ বিগত কেবাদিন ধৰি সূৰ্যৰ তাপ বৃদ্ধি পোৱাত ধাননি পথাৰ সমূহত বৃহৎ বৃহৎ ফাট মেলিছে৷ ৰঙিয়াৰ নকুলত  জলসিঞ্চন বিভাগৰ প্ৰকল্প আছে যদিও প্ৰকল্পটোৰ পৰা খেতিয়ক সকলে বৰ্তমান পৰ্যন্ত উপকৃত হোৱা নাই৷ এই সন্দৰ্ভত স্থানীয় কৃষকে কেবাবাৰো জলসিঞ্চন বিভাগৰ কৰ্মচাৰীক অৱগত কৰিছে যদিও বৰ্তমানলৈ কোনোধৰণৰ ইতিবাচক সঁহাৰি লাভ নকৰাত ক্ষুদ্ধ কৃষকে ৰঙিয়াৰ ১ নং নকুলৰ জলসিঞ্চন বিভাগ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্য চৰকাৰ আৰু জলসিঞ্চন বিভাগক শীঘ্ৰে ৰঙিয়াৰ জলসিঞ্চন বিভাগৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটোৰ কৃষি পথাৰত পানীৰ যোগান ধৰিবলৈ আহ্বান জনাইছে।