অনলাইন ডেস্ক সংবাদ ৩৬৫, ১৮ আগষ্টঃ স্পেইনৰ বাৰ্চিলোনা আৰু সমীপবৰ্তী কেব্ৰিল্ছ চহৰত আতংকবাদী আক্ৰমণত প্ৰায় ১৩ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ১০০ জন লোক আহত হয়৷ স্পেইনৰ দ্বিতীয় সৰ্ববৃহৎ চহৰ বাৰ্চিলোনাৰ ৰাজপথত এখন বগা ৰঙৰ গাড়ীয়ে পথাচাৰীক খুন্দিয়াই তেওঁলোকৰ ওপৰেদি গাড়ী চলাই জনবহুল অঞ্চলৰ অভিমুখে আগবাঢ়ে৷ এই ঘটনাৰ আঠ ঘন্টাৰ পিছতেই বাৰ্চিলোনাৰ পৰা ১২০ কিলোমিটাৰ নিলগত অৱস্থিত কেব্ৰিল্ছত এখন অডি এ৩ য়ে একেধৰণে পথাচাৰীক খুন্দিয়াই নিয়ে৷ যাৰ ফলত এজন আৰক্ষীৰ লগতে সাতজন লোক আহত হয়৷ আহতসকলৰ এজনৰ অৱস্থা অতি সংকটজনক৷ আতংকবাদীসকলৰ এই আক্ৰমণৰ পিছতেই আৰক্ষী আৰু আক্ৰমণকাৰীসকলৰ মাজত হোৱা গুলিয়াগুলিত পাঁচজন আক্ৰমণকাৰী নিহত হয়৷ আতংকবাদীসকল পৰ্যটকৰ ভিৰ থকা অঞ্চলত আক্ৰমণ কৰাত কেবাজনো পৰ্যটক হতাহত হৈছে৷ জাৰ্মানী, ৰোমানিয়া, ইটালী, আলজেৰিয়া আৰু চীনৰ কেবাজনো লোক এই আক্ৰমণত নিহত হৈছে৷ অৱশ্যে ঘটনাত কোনো ভাৰতীয় সম্প্ৰদায়ৰ লোক হতাহত হোৱা নাই৷ আতংকবাদী সংগঠন আইএছআইএছয়ে এই আক্ৰমণ সংঘটিত কৰাৰ স্বীকাৰ কৰে৷ উল্লেখ্য যে, শেহতীয়াকৈ ইউৰোপৰ কেবাখনো দেশত এনে ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে৷ স্পেইনৰ নিকটবৰ্তী ফ্ৰান্স, বেলজিয়াম আৰু জাৰ্মানীত আতংকবাদীয়ে জনবহুল অঞ্চলত নিয়ন্ত্ৰণহীন ভাবে পথাচাৰীৰ ওপৰেদি গাড়ী চালনা কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে৷