গুৱাহাটী, ১৮ আগষ্টঃ অগ্রণী সামাজিক সাংস্কৃতিক আৰু শিক্ষামূলক সংগঠন পিপ’লছ ফ্রেণ্ড ফাউণ্ডেছনৰ প্রজ্ঞা প্রতিভা সন্ধানী প্ৰতিযোগিতাখন ২৩ আগষ্টত গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰৰ প্রেক্ষাগৃহত অনুষ্ঠিত হ’ব। ইয়াৰ লগতে নিৰ্বাচিত ছাত্র-ছাত্রী আৰু সমাজৰ বিশিষ্ট ব্যক্তিৰ অংশগ্রহণেৰে বিপিনপাল দাস সোঁৱৰণী মডেল বিধানসভা এখনো অনুষ্ঠিত কৰা হ’ব। ২৩ আগষ্টৰ পুৱা ১০.৩০ বজাৰ পৰা ১২ বজালৈ মডেল বিধান সভাখন অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে ১২.৩০ বজাৰ পৰা বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হ’ব। ফাউণ্ডেছনে বিগত কেবাবছৰো ধৰি প্রকাশ কৰি অহা গ্রীণ টক্ নামৰ পৰিৱেশ সম্পৰ্কীয় স্মৰণিকাখন উক্ত দিনা উন্মোচন কৰা হ’ব৷ এই স্মৰণিকাখনৰ মূল লক্ষ্য হৈছে সমাজত পৰিবেশ সুৰক্ষাৰ বাবে সচেতনতাৰ সৃষ্টি কৰা৷ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক আৰু পৰীক্ষা সমন্বয়কসকলৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে৷ আনহাতে পিপ’লছ ফ্রেণ্ড ফাউণ্ডেছনে প্রায় ৬০ হাজাৰ টকাৰ সামগ্ৰী ষ্টেণ্ড ফ’ৰ এনভাইৰেনমেন্ট প্রটেকশচনৰ জৰিয়তে মায়াঙ, কাজিৰঙা, গহপুৰ, ধেমাজী, দেৰগাঁৱত বানাক্ৰান্তসকলৰ মাজত বিতৰণ কৰে। যাৰ কাৰণে ফাউণ্ডেছনে প্রজ্ঞা প্রতিভা সন্ধানী প্রতিযোগিতাৰ প্রাইজমানীৰ কিছু সালসলনি কৰিছে। সংগঠনটােৰ শেহতীয়া কার্যনিৰ্বাহক বৈঠকৰ সিদ্ধান্ত মৰ্ম্মে প্রাইজমানীৰ কিছু অংশ দুর্গতসকলৰ সহায়ৰ বাবে প্রদান কৰা হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।