শিমলুগুৰিৰ পৰা নেকিবুল হক, ২৪ ডিচেম্বৰ:
কেইগৰাকীমান সুন্দৰী যুৱতী। ইংৰাজী নৱবৰ্ষৰ প্ৰাকমুহূত্বত অসমলৈ আহিছে চাৰিগৰাকী থাইলেণ্ডৰ পৰ্যটক। তিনিগৰাকী যুৱতী সহ চাৰি পৰ্যটকে অসমৰ গ্ৰাম্য পৰিৱেশ আৰু জনগোষ্ঠীয় পৰম্পৰা অধ্যয়ন গৱেষণাৰ বাবে উপস্থিত হোৱা বিদেশী পৰ্যটকৰ দলটো দুদিনৰ বাবে উপস্থিত হয়ি চৰাইদেউ জিলাৰ লাকুৱা এঙেৰা কোঁৱৰ গাঁৱত। ঐতিহাসিক এঙেৰাত উপস্থিত হোৱা মাত্রকে গাঁওবাসীয়ে উষ্ম আদৰণি জনায়। শৰাই বিহু হুঁচৰিৰে আদৰণি জনাই দলটিক। ঢোলৰ চাপৰত এপাক কঁকাল ভাঙি নচাৰ লগতে চেলফিও উঠিলে কণমানিহঁতৰ লগত। গাঁৱৰ ৰাইজৰ আতিথ্যত অভিভূত থাইলেণ্ডৰ যুৱতীয়ে এপাক নাচিলে কণ কণ বিহুৱতীৰ সৈতে। COMUNITY BEST TOURISIM THAILAND ৰ সঞ্চালক পৰ্যানা চুৱানচিৰ নেতৃত্বত গৱেষণাৰ বাবে অসমত উপস্থিত হোৱা দলটিয়ে আজি এঙেৰাত উপস্থিত হয়। গাঁওবাসীয়ে সুদূৰ থাইলেণ্ডৰ যুৱতী দলটোক কাষতে পাই আনন্দ লাভ কৰে। আহোম পকৰেথাৰৰ কাষতে অনুষ্ঠিত এক অনুষ্ঠানতো অংশ লয়। টাই প্ৰাথনাতো অংশ লয় দলটোৱে। আহোমৰ পৰম্পৰা খাদ্যৰ সোৱাদ লোৱাৰ লগতে জীৱন ধাৰণৰ বুজ লয়। আদৰণি অনুষ্ঠানত গাঁৱৰ ৰাইজে গামোচা সফুঁৰা আদিয়ে উষ্ম সম্ভাষণ জনায়।