নগাঁও, ২৪ ডিচেম্বৰ: নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত অৰ্দ্ধশতাধিক গাঁৱৰ লোক বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীৰ জাকে প্ৰায় এমাহ ধৰি চামগুৰি সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত তাণ্ডৱ চলাই ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে৷ নিশা হোৱাৰ লগে-লগে কে’বাটাও ভাগত বিভক্ত হৈ বনৰীয়া হাতীৰ জাকটোৱে ধাননি পথাৰৰ লগতে গাঁৱত প্ৰৱেশ কৰি কলগছ, নাৰিকল গছৰ লগতে বহুলোকৰ ঘৰ-দুৱাৰ, ধানৰ ভঁৰাল আদি ভাঙি ব্যাপক ক্ষতিসাধন কৰি আহিছে৷ যোৱা নিশাও শালনা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ ব্ৰহ্মচাৰী সত্ৰত এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই তিনিজন লোকৰ বাসগৃহ ভাঙি তহিলং কৰাৰ লগতে বহুলোকৰ বাসগৃহত ধান খাই ব্যাপক ক্ষতিসাধন কৰে৷ যোৱা নিশা বনৰীয়া হাতীয়ে ব্ৰহ্মচাৰী সত্ৰৰ লক্ষীধৰ গায়ন, পংকজ গোস্বামী আৰু মোহিলা কলিতাৰ ঘৰ ভাঙি তহিলং কৰে৷ বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপিহে ৰক্ষা পৰে মোহিলা কলিতা নামৰ বৃদ্ধাগৰাকী৷ ইফালে, ভৰাগুৰি গাঁৱতো যোৱা নিশা বন্যহস্তীয়ে তাণ্ডৱ চলাই ৰবীন্দ্ৰ চাংমাই আৰু বীৰেন দত্তৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে৷ বন বিভাগৰ লোকে বনৰীয়া হাতী খেদাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও বন বিভাগ হাতী খেদোৱাত বিফল হোৱাৰ অভিযোগ উঠিছে৷ বন বিভাগৰ ওপৰত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে৷ ইফালে, অতিষ্ঠ অঞ্চলবাসীয়ে বন্যহস্তীয়ে সৃষ্টি কৰা উপদ্ৰৱৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে অকমৰ্ণ্য বিদ্যুৎ বিভাগৰ বিৰুদ্ধে৷ৰাইজৰ অভিযোগ, গ্ৰামাঞ্চলসমূহত প্ৰতি নিশাই বিদ্যুত কৰ্তন কৰি থোৱাৰ বাবেই বনৰীয়া হাতীৰ উপদ্ৰৱ গাঁওসমূহত বৃদ্ধি পাইছে বুলি ৰাইজে অভিযোগ কৰিছে৷ তদুপৰি গোটেই নিশা বিদ্যুৎ কৰ্তন কপি থোৱাত ক্ষতিগ্ৰস্থ হৈছে ব্ৰইলাৰ পালনেৰে স্বাৱলম্বী হোৱা নিৱনুৱা যুৱকসকল৷ বন্যহস্তীৰ আগমনৰ বাবে বিদ্যুৎ বিভাগে এক নং ভৰাগুৰি, দুই নং ভৰাগুৰি, পামগাঁও, পদুমনি, ডিলিকাবস্তী আদি গাঁৱত প্ৰতি নিশা বিদ্যুৎ কৰ্তন কৰি থোৱাত ব্ৰইলাৰ পালন কৰা যুৱকসকল ক্ষতিগ্ৰস্থ হোৱাত চামগুৰি বিদ্যুৎ উপ-সংমণ্ডলৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে৷