নিউজ ডেস্ক, ২৪ ডিচেম্বৰ: মৰাণ পাব্লিক হলত অলপতে হোৱা সদৌ অসম ষ্টুডেণ্ট কালচাৰেল এছ’চিয়েছন উদ্যোগত মিছ চিনড্ৰেলা নৰ্থ – ইষ্ট ফেশ্বন শ্ব’ত লাকুৱাৰ চাইনা ৰাজকুমাৰীয়ে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰি সমগ্র লাকুৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। প্ৰতিযোগিতাত চাইনাক এটা ট্ৰফী, শ্লেচ আৰু ক্ৰাউনেৰে সন্মানিত কৰা হয়। চাইনা শিমলুগুৰি চ্যুকাফা একাডেমী জুনিয়ৰ কলেজৰ একাদশ শ্ৰেণীৰ ছাত্ৰী। উক্ত প্ৰতিযোগিতাত বিজয়ী হোৱাৰ সূত্ৰে চাইনাই ‘ষ্টাৰ আইকন ইণ্ডিয়া ইন্টাৰনেচনেল’ শ্বটোলৈ টপ – ৪০ লৈকে পোনপটীয়াকৈ অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে চাইনা লাকুৱাৰ শচীন ৰাজকোঁৱৰ আৰু বিনীতা ৰাজকোঁৱৰীৰ কন্যা।