চৰাইদেউ, ২০ নৱেম্বৰ: চৰাইদেউ জিলাৰ চফ্ৰাই চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চফ্ৰাই আঞ্চলিক সমিতিয়ে ২ ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। পশু চিকিৎসাকেন্দ্ৰ নিৰ্মাণ, দিচাং নৈৰ গৰাখহনীয়া প্ৰতিৰোধ, অভয়পুৰ বনাঞ্চল সংৰক্ষণ, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সামগ্ৰিক উন্নয়নৰ লগতে গাঁও অঞ্চল সমূহৰ বাট-পথ উন্নয়ণৰ দাবীত ২ ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰীয়ে বিভিন্ন শ্ল’গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। প্ৰতিবাদস্থলীত স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলক লৈ প্ৰতিবাদ কৰাৰ সময়ত স্থানীয় সচেতন মহলকে ধৰি কেইজনমান অভিভাৱকে সমালোচনাও কৰে। যিহেতু ৪ ডিচেম্বৰৰ পৰা বছৰিকীয়া পৰীক্ষা আৰম্ভ, মাথোঁ কিছুদিন বাকী আছে পৰীক্ষাৰ্থীৰ বাবে তেনে সময়ত ছাত্ৰ-ছাত্ৰীক লৈ প্ৰতিবাদ কৰাটো কিমানখিনি গ্ৰহণযোগ্য বুলি কয় সচেতন মহলে। আৰু প্ৰতিবাদকাৰীয়ে অতি কম সময়ৰ ভিতৰত যদি চৰকাৰে এই সমস্যাসমূহৰ সমাধান নকৰে তেন্তে চফ্ৰাই ভিতৰুৱা গাঁও অঞ্চলৰ হাজাৰ হাজাৰ মানুহে ৰাজপথত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি চৰকাৰক সকীয়াই দিয়ে।