বৰহাট, ২০ নৱেম্বৰঃ চৰাইদেউ জিলাৰ ১০৬ নং সোণাৰি সমষ্টিৰ ভূঞাখাট গাঁও পঞ্চায়তত আজি প্ৰধানমন্ত্ৰী উজ্বলা যোঁজনা আঁচনিৰ অধীনত বৰহাট মিটালী ইণ্ডেন গ্ৰামীন বিতৰক গেছ এজেঞ্চিৰ উদ্যোগত সোণাৰি সমষ্টিৰ স্থানীয় বিধায়ক তপন কুমাৰ গগৈয়ে এল পি জি গেছ বিতৰণ কৰে। চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকন ডাঙৰীয়াৰ পুৰোহিত্যত অনুষ্ঠিত হোৱা সভাত বৰহাট গাঁও পঞ্চায়ত, ভূঞাখাট গাঁও পঞ্চায়ত, নাহৰপুখুৰী গাঁও পঞ্চায়ত, পূৰ্বাঞ্চল গাঁও পঞ্চায়ত, মিলনজ্যোতি গাঁও পঞ্চায়ত, সোণালী গাঁও পঞ্চায়তৰ মুঠ প্ৰায় ৩০০ গৰাকী হিতাধিকাৰীক গেছ বিতৰণ কৰাৰ কথা উল্লেখ কৰে।