গুৱাহাটী, সংবাদ ৩৬৫, ২৮ ছেপ্টেম্বৰ : বিশ্বৰ চৌদিশে আজি গোলকীয় উষ্ণতা বৃদ্ধিৰ হুলস্থুল। কল-কাৰখানাৰ পৰা নিৰ্গত বিষাক্ত ধোৱাইঁ তথা গাড়ী-মটৰৰ পৰা নিৰ্গত বিষাক্ত গেছে পৃথিৱীৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।ইয়াৰোপৰি প্ৰকৃতিৰ সেউজীয়া গছ-গছনীবোৰ জধে মধে ধ্বংস কৰাত লাগিছে সমগ্ৰ মানৱ জাতিয়ে।

এনে সময়তে এটা যুৱক-যুৱতীৰ দলে “ফিউচ্চাৰ গুৱাহাটী”য়ে পৰিৱেশ সজাগতাৰ তথা ভৱিষ্যত আৰু জলবায়ুৰ সংকটৰ বাবে সংগীত আৰু নাটকৰ জৰিয়তে সজাগ কৰিব খুজিছে সমগ্ৰ মানৱ জাতিক। ইয়াৰে এক অনুষ্ঠান অনুষ্ঠিত হয় শুকুৰবাৰে মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত।

ইয়াৰোপৰি প্ৰদুষণ আৰু প্ৰদুষণৰ কাৰক সম্পৰ্কে হোৱা যিকোনো আলোচনা-বিলোচনাতে সবাতোকৈ শীৰ্ষস্থান দখল কৰা কাৰক হিচাপে বিবেচিত হোৱা পলিথিন আৰু প্লাষ্টিকৰ বৰ্জন এখন নাটকৰ জৰিয়তে প্ৰদৰ্শন কৰে।

ইফালে গছ-গছনি নাথাকিলে পৃথিৱীখন কেনে এক অৱস্থালৈ গতি কৰে তাকো নাটকৰ জৰিয়তে সুন্দৰকৈ দৰ্শকৰ আগত দাঙি ধৰে।

৩০ অক্টোবৰৰ বোমা বিস্ফোৰণত নিহত হোৱা, পুলৱামা কাণ্ড ত শ্বহীদ হোৱা জোৱান সকলৰ স্মৃতিত লগতে অসমৰ সাম্প্ৰতিক অৱস্থাৰ বিষয়ে কেইবাটাও স্ব ৰচিত ৰেপ সংগীতৰ জৰিয়তে দৰ্শকৰ আগত দাঙি ধৰে অৰুণাভ নামৰ এজন যুৱকে।

ব্ৰেণ্ড দ্য বটল ৰকেটকে ধৰি কেইবাটাও দেশী-বিদেশী ব্ৰেণ্ডে এই অনুষ্ঠানটিত সংগীত প্ৰদৰ্শন কৰে।

আজিৰ পৃথিৱীৰ এই সংকটজনক পৰিস্থিতিত ফিউচ্চাৰ গুৱাহাটীয়ে লোৱা পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়।