নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ ছেপ্টেম্বৰ : দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো শনিবাৰৰ পুৱতি নিশাৰ পৰা উলহ-মালহেৰে পালন কৰা হৈছে মহালয়া। জনবিশ্বাস অনুসৰি মহালয়াতেই পৃথিৱীলৈ নামি আহে দুৰ্গা দেৱী ।

মহালয়াৰ দিনাই পুৱাই তিনিচুকীয়াত সংঘটিত হয় দুৰ্ঘটনাৰ । যাৰ ফলত থিতাতে নিহত হয় দুজনকৈ লোক।

দ্ৰুতগতিত অহা এএছ০৩-এইছ-২২২৩ নম্বৰৰ ইন’ভাখনে মহতিয়াই নিয়ে ১০ গৰাকীকৈ লোকক। দুৰ্ঘটনাটোত ৮ গৰাকী লোক আহত হয়। আহতসকলক ততালিকে ভৰ্তি কৰোৱা হয় তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত।