গুৱাহাটী, ১ জুনঃ উত্তৰ পূৰ্বাঞ্চলৰ বহুভাষাৰ সাহিত্যালোচনী সপ্তৰ্ষিৰ সৌজন্যত সদৌ অসম ভিত্তিক এখনি মুকলি গল্প প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ প্ৰতিযোগিতাৰ কাৰণে পঠিওৱা গল্পসমূহ স্ব-ৰচিত, অপ্ৰকাশিত আৰু এহেজাৰ শব্দৰ ভিতৰত ডিটিপি কৰা হ’ব লাগিব৷ গল্পটোৰ লগত দুকপি পাচপোৰ্ট চাইজৰ ফটো, প্ৰতিযোগিতাৰ ভৰ্তি মাচুল এশ টকা ৩০ জুনৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব৷ গল্পসমূহ অসমীয়া, ইংৰাজী আৰু হিন্দী তিনিওটা ভাষাতে পঠিয়াব পাৰিব৷ প্ৰতিযোগিতাৰ বিজয়ী প্ৰথম তিনিগৰাকী প্ৰতিযোগীক ক্ৰমে ১,৫০০ টকা, ১,০০০ টকা আৰু ৫০০ টকাৰ নগদ ধনৰ লগতে মানপত্ৰ, গামোচা আৰু কিতাপৰ টোপোলা উপহাৰ হিচাপে দিয়া হ’ব৷ পুৰস্কাৰপ্ৰাপ্ত গল্পসমূহ সাহিত্যালোচনী সপ্তৰ্ষিত প্ৰকাশ কৰা হ’ব৷ গল্প পঠিওৱাৰ ঠিকনা, সপ্তৰ্ষি গোষ্ঠী, মাৰফৎ- হিৰণ্যময়ী বৰুৱা প্ৰতিষ্ঠাপক, ৰুক্মিনী গাঁও, ১ নং উপ-পথ, স্বৰগম এনক্লেভ, ৩-জি, বালিকা বিদ্যালয় পথ, গুৱাহাটী৷ ফোন নম্বৰঃ ৯৯৫৪২০৬২৫১ আৰু ৭০৩৫৬৮৮৬০১৷