আমিনুৰ ৰহমান

শিৱসাগৰ : সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। শিৱসাগৰত সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাই এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ঘাইপথ নিৰ্মাণত অনিয়মৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাই। আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ। 

জাঁজীৰ পৰা ডিমৌলৈ আৰু ডিমৌৰ পৰা মৰাণলৈ বিগত চাৰি বছৰ ধৰি নিৰ্মাণ হৈ থকা চাৰিলেনযুক্ত ঘাইপথৰ নিৰ্মাণত অনিয়ম আৰু পুঁজিৰ অপব্যৱহাৰ হোৱাৰ অভিযোগত সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাই সোমবাৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চাৰি বছৰে ৰাষ্ট্ৰীয় ঘাইপথটোৰ মাত্ৰ ১০ শতাংশ নিৰ্মাণ কামহে সম্পূৰ্ণ হৈছে।

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দায়িত্বত থকা এনএইচআইডিচিএল আৰু পথটো নিৰ্মাণৰ ঠিকা লাভ কৰা জিডিচিএল নামৰ প্ৰতিষ্ঠানৰ মাজত গোপন বুজাবুজিৰ থাকৰ বাবেই নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন কৰিছে সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাই। নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ লগতে পুঁজিৰ অপপ্ৰয়োগৰ ফলত যোগানকাৰী ভিএছডি কোম্পানীত কৰ্মৰত বহু থলুৱা যুৱক-যুৱতীয়ে কেইবা মাহৰ দৰমহা লাভ কৰা নাই বুলিও অভিযোগ কৰে।

অনতি পলমে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ দ্ৰুত গতিত কৰাৰ লগতে থলুৱা যোগানকাৰীক অনাদায় ধন আৰু দৰমহা প্ৰদানৰ দাবী উত্থাপন কৰিছে সদৌ শিৱসাগৰ জিলা ছাত্র সন্থা। অতি শীঘ্ৰে নিৰ্মাণ কাৰ্য দ্ৰুত গতিত আৰম্ভ নকৰিলে অনাগত দিনত আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাই।