আজিজ আলী

নলবাৰী : নলবাৰীত ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত সমূহীয়া ইফতাৰ পাৰ্টীৰ আয়োজন। শান্তি, একতা আৰু ভাতৃত্ববোধ জীয়াই ৰাখিবলৈ ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত এই ইফতাৰ পাৰ্টীৰ আয়োজন।

শনিবাৰে নলবাৰী চহৰস্থিত টাউন মোক্তাবত ভাৰতীয় জনতা পাৰ্টী সংখ্যালঘু মৰ্চাৰ উদ্যোগত সমূহীয়া ইফতাৰ পাৰ্টীৰ আয়োজন কৰা হয়। সমাজত একতা, ভাতৃত্ববোধ, শান্তি ,সম্প্ৰিতি বৰ্তাই ৰখাৰ উদ্যেশ্যই এই সমূহীয়া ইফতাৰৰ আয়োজন কৰে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাই।

উক্ত ইফতাৰ পাৰ্টীত উদ্দেশ্য সফলমণ্ডিত কৰিবলৈ উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা। নলবাৰী পৌৰ সভাৰ পৌৰপতী জয়শ্ৰী পাঠক তালুকদাৰ, নলবাৰী পৌৰ সভাৰ ৱাৰ্ড কমিচনাৰ সকল, বিভিন্ন অনুষ্ঠানৰ বিষয় ববীয়া সকলকে প্ৰমুখ্য কৰি বহু স্থানীয় ৰাইজ উপস্থিত থাকে ইফতাৰ পাৰ্টীত।

ইফতাৰ পাৰ্টীত অংশগ্ৰহণ কৰি বিধায়ক জয়ন্ত মল্ল বৰুৱাই খিলঞ্জিয়া মুছলমানৰ লগত বিজেপিৰ কোনো সংঘাট নাই বুলি উল্লেখ কৰে। হিন্দু-মুছলমান উভয়ে মিলি নলবাৰীৰ উন্নয়নৰ হ’কে কাম কৰি যাব বুলিও উল্লেখ কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই।