গুৱাহাটী, ১৬ নৱেম্বৰ: মাই গভ অসমৰ উদ্যোগত আজি জনতা ভৱনৰ সচিবালয়ৰ মুখ্যমন্ত্ৰী কনফাৰেঞ্চ হলত ‘আচাম অন টুইটাৰ’ শীৰ্ষক এক বিশেষ আলোচনা চক্ৰৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি টুইটাৰ ইণ্ডিয়াৰ জন আঁচনি আৰু চৰকাৰ বিভাগৰ মুৰব্বী শ্ৰীমতী মহিমা কৌলে বৰ্তমান সময়ৰ এক জনপ্ৰিয় ছ’চিয়েল মেডিয়া টুইটাৰৰ ব্যৱহাৰ, ইয়াৰ গুৰুত্ব, প্ৰাসংগিকতা আদিৰ সন্দৰ্ভত এক বিস্তৃত বিৱৰণ দাঙি ধৰে। প্ৰশাসন যন্ত্ৰত ছ’চিয়েল মেডিয়া মাধ্যমেৰে জনসাধাৰণক চৰকাৰৰ বিভিন্ন আঁচনি প্ৰস্তুতকৰণ তথা অংশগ্ৰহণৰ ওপৰতো বিস্তাৰ ভাৱে আলোচনা কৰা হয়। মাই গভ অসমৰ সমূহ কৰ্মকৰ্তাৰ লগতে জনতা ভৱনৰভালে কেইগৰাকী উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰী উপস্থিত থাকে।