গুৱাহাটী, সংবাদ ৩৬৫, ১৮ নৱেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল ৰাজ্য। সোমবাৰে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবতে নেছৰ কেবৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

ইয়াৰোপৰি বাঁও গণতান্ত্ৰিক মঞ্চ আৰু কেব বিৰোধী দল-সংগঠনেও সোমবাৰে কেব বিৰোধী শ্ল’গানেৰে আকাশ-বতাহ উত্তাল কৰি তোলে।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও কেবৰ বিৰোধীতাৰে এক মানৱ-শৃংখলৰে মহানগৰীৰ চানমাৰীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

কোনোধৰণৰ পথচাৰীৰ সমস্যা নোহোৱাকৈ কেব বিৰোধী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে উজান বজাৰৰ পৰা ৰাজভৱনলৈ ছাত্ৰ সন্থাইও কেবৰ বিৰোধীতাৰে প্ৰতিবাদী কাৰ্যসূচী ল’ব।