গৰৈমাৰী : পুত্ৰ আৰু বোৰৱৰীৰ নিৰ্যাতনৰ বলি বৃদ্ধ দম্পত্তি। ৰাজ্যত পুনৰ পুত্ৰ আৰু বোৱাৰীৰ নিৰ্যাতনৰ বলি হ’ল বৃদ্ধ দম্পত্তি। পুত্ৰ আৰু বোৱাৰীৰ নিৰ্যাতনৰ বলি হোৱা ভাই, বোৱাৰীক উদ্ধাৰ কৰিবলৈ যোৱা খুড়াক নাৰী নিৰ্যাতনৰ অভিযুক্ত সজালে ভতিজা শ্বহিদুল ইছলামে। ভতিজাৰ গুণ্ডা বাহিনীৰ আক্ৰমণত খুড়া ময়নুল হকে মৃত্যুৰ সৈতে যুঁজিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মহিমাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পুত্ৰ আৰু বোৱাৰীৰ নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছে বৃদ্ধ দম্পত্তি। মহিমাৰী গাঁৱৰ আব্দুল মজিদৰ পুত্ৰ শ্বহিদুল ইছলামৰ সৈতে দীৰ্ঘদিন ধৰি চলি আদি পাৰিবাৰিক কন্দল। পুত্ৰ আৰু বোৱাৰীৰ হাতত একাধিক বাৰ অত্যাচাৰৰ সন্মুখীন হৈ আহিছে আব্দুল মজিদ আৰু তেওঁৰ পত্নী।

শুকুৰবাৰে পুত্ৰ শ্বহিদুল ইছলাম আৰু তেওঁৰ পত্নীয়ে বৃদ্ধ পিতৃ-মাতৃৰ ওপৰত চলায় অকত্য নিৰ্যাতন। শ্বহিদুল ইছলামৰ পিতৃ-মাতৃৰ চিঞৰ-বাখৰৰ শব্দ শুনি ঘটনাস্থলীত উপস্থিত হয় ওচৰ চুবুৰীয়াৰ লগতে শ্বহিদুল ইছলামৰ খুড়া শিক্ষক ময়নুল হক। পিছত শ্বহিদুল ইছলাম আৰু তেওঁৰ পত্নীয়ে মিলি ময়নুল হকৰ বিৰুদ্ধে তেওঁৰ পত্নীৰ শালিনতা হানি কৰাৰ অভিযোগ তুলি আৰক্ষীত এজাহাৰ দাখিল কৰে।

ইফালে শ্বহিদুল ইছলামৰ পত্নীয়ে শিক্ষক ময়নুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছত ময়নুল হকে গৰৈমাৰীৰ পৰা ঘৰমুৱা হওঁতে শ্বহিদুল ইছলামৰ সৈতে তেওঁৰ গুণ্ডা বাহিনীয়ে বাটত আগুছি ধৰি আক্ৰমণ কৰি গুৰুত্বৰভাৱে আহত কৰে ময়নুল হকক। সম্প্ৰতি শিক্ষক ময়নুল হকে মৃত্যুৰ সৈতে যুজঁ দি আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।