আমিনুৰ ৰহমান

শিৱসাগৰ : দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত ভূ-তত্ব বিভাগ স্নাতোকত্তৰ পৰীক্ষাত তৃতীয় স্থান দখল অসম কন্যা প্ৰনীষা ৰাজখোৱাৰ। দিল্লী বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতোকত্তৰ পৰীক্ষাৰ ফলাফলত বিশ্ববিদ্যালয়খনৰ পৰা ভূ-তত্ব বিভাগত তৃতীয় স্থান দখল কৰে শিৱসাগৰৰ প্ৰনীষা ৰাজখোৱাই।

দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হংসৰাজ মহাবিদ্যালয়ৰ পৰা ভূ-তত্ব বিভাগত অধ্যায়ন কৰা প্ৰনীষা ৰাজখোৱাই মহাবিদ্যালয়খনৰ পৰাও স্নাতোকত্তৰ পৰীক্ষাত তৃতীয় স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনে। শুকুৰবাৰে দিল্লীৰ হংসৰাজ কলেজত আয়োজিত ৭৪ সংখ্যক বাৰ্ষিক বঁটা বিতৰণী সভাত অসম কন্যা প্ৰনীষা ৰাজখোৱাক মহাবিদ্যালয়ৰ পৰা সন্মান জনোৱা হয়।

শিৱসাগৰৰ গনকপট্টিৰ মানৱ ৰাজখোৱা আৰু দেৱজানী ৰাজখোৱাৰ কন্যা প্ৰনীষা ৰাজখোৱা। অসম কন্যা প্ৰনীষা ৰাজখোৱা এই সাফল্যই সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইফালে শিৱসাগৰবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে প্ৰনীষা ৰাজখোৱাৰ এই সাফল্যত।