কোকৰাঝাৰ : কোকৰাঝাৰত ড্ৰাগছ ব্যৱসায়ীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত আহত ৰাজস্থানৰ ড্ৰাগছ ব্যৱসায়ী। এখন ট্ৰাকৰ পৰা জব্দ ৮৫ কেজি অপিয়াম আৰু ৩ কেজি ১০০ গ্ৰাম হেৰ’ইন। দুৰ্বৃত্তই জ্বলাই দিলে ড্ৰাগছ জব্দ হোৱা ট্ৰাকখন।

কোকৰাঝাত আৰক্ষীৰ গুলীত এজন ৰাজস্থানৰ ড্ৰাগছ ব্যৱসায়ী আহত হৈছে। তদন্তৰ সময়ত আৰক্ষীৰ পিষ্টল কাঢ়ি গুলী চালনা কৰি পলায়নৰ চেষ্টা চলাইছিল ড্ৰাগছ ব্যৱসায়ীজন। আৰক্ষীয়ে বাধ্য হৈ ড্ৰাগছ ব্যৱসায়ীজনক লক্ষ্য কৰি গুলী চালনা কৰাত আহত হয় ড্ৰাগছ ব্যৱসায়ীজন।

আৰক্ষীৰ গুলীত আহত হোৱা ড্ৰাগছ ব্যৱসায়ীজনৰ নাম মোহনলাল বুলি জানিব পৰা গৈছে। মোহনলালে আৰজে-১৪-জিটি-৯২১৩ নম্বৰৰ এখন ট্ৰাকেৰে গুৱাহাটীৰ পৰা ৰাজস্থানলৈ ড্ৰাগছ নি থাকোতে শ্ৰীৰামপুৰৰ শিমলটাপুৰ পেট্ৰ’ল পাম্পৰ সন্মুখত আৰক্ষীৰ অভিযানত ধৰা পৰিছিল। ট্ৰাকখনৰ পৰা আৰক্ষীয়ে ৮৫ কেজি অপিয়াম আৰু ৩ কেজি ১০০ গ্ৰাম হেৰ’ইন জব্দ কৰে।

পৰৱৰ্তী সময়ত ড্ৰাগছ ব্যৱসায়ীজনক জেৰা চলাই আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীজনক লগত লৈ তদন্ত চলাবলৈ যাওঁতে আৰক্ষীৰ পিষ্টল কাঢ়ি আৰক্ষী লৈ গুলী চালনা কৰি পলায়নৰ চেষ্টা চলায় ড্ৰাগছ ব্যৱসায়ীজন। ফলত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীজনক লক্ষ্য কৰি গুলী চালনা কৰাত ড্ৰাগছ ব্যৱসায়ীজন গুৰুত্বৰভাৱে আহত হয়। ভৰিত আৰক্ষীৰ গুলী লাগিছে ড্ৰাগছ ব্যৱসায়ীজনৰ।

আহত ৰাজস্থানৰ ড্ৰাগছ ব্যৱসায়ীজনক আৰক্ষীয়ে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছে। নিশা ১২.৩০ বজাত সংঘটিত হয় এই গুলী চালনাৰ ঘটনা। আনফালে ড্ৰাগছ জব্দ হোৱা আৰজে-১৪-জিটি-৯২১৩ নম্বৰৰ ট্ৰাকখনত নিশাই দুৰ্বৃত্তই অগ্নি সংযোগ কৰে। ট্ৰাকখনত অগ্নি সহযোগ কৰাত ট্ৰাকখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।