দক্ষিণ শালমাৰা : বুধবাৰে পুৱা প্ৰায় ৫ বজাত মানকাচৰৰ সুখচৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। এজন পুত্ৰই নিজৰ বৃদ্ধ পিতৃক লাঠিৰে কোৱাই হত্যা কৰাৰ লগতে নিজৰ পুত্ৰকো হত্যাৰ চেষ্টা চলোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দ্বিতীয় বিৱহক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হৈছিল। হত্যাকাৰী পুত্ৰ পলাতক অৱস্থাত আছে। হত্যাকাৰী পুত্ৰত সন্ধানত আৰক্ষীৰ অভিযান আৰম্ভ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত সুখচৰ গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। গাঁওখনৰ আব্দুল বতেন ওৰফে ভুট্টো নামৰ লোকজনে দ্বিতীয় বিবাহ কৰাক লৈ প্ৰথম পত্নীৰ সৈতে কিছুদিন ধৰি ঘৰুৱা কন্দল চলি আছিল। ইয়াৰ মাজতে পুৱাৰ ভাগত লোকজনে পত্নীৰ সৈতে মাৰপিটত লিপ্ত হোৱাত তেওঁৰ বৃদ্ধি পিতৃ কৰিম বক্স আৰু পুত্ৰ ইছৰাফিল হকে মাতৃক উদ্ধাৰ কৰিবলৈ যায়। তেনে সময়ত আব্দুল বতেন নিজৰ বৃদ্ধ পিতৃ কৰিম বক্স আৰু পুত্ৰ ইছৰাফিল হকক লাঠিৰে কোৱাই হত্যাৰ অপচেষ্টা কৰে।

ইয়াৰ পিছতে ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হোৱাত আব্দুল বতেন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ৰাইজে ততাতৈয়াকৈ আহত দুয়োক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। চিকিৎসকে দুয়োকৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰে যদিও গুৰুত্বৰভাৱে আহত বৃদ্ধ পিতৃ কৰিম বক্স মৃত্যু মুখত পৰে। এই ঘটিনাৰ পিছতে মৃতদেহটি সুখচৰ আৰক্ষীয়ে নিজৰ জিম্মাত নি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।