নিউজ ডেস্ক, ২৭ ডিচেম্বৰ,২০২৩ : নেপালৰ বাবে কন্টেইনাৰ পৰিবহন আৰম্ভ কৰিলে ভাৰতীয় ৰে’লৱে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ (NF Railway) কাটিহাৰ মণ্ডলৰ অধীনত ইণ্ডিয়ান কাষ্টম য়াৰ্ড (আইচিআই) নেপাল কাষ্টম য়াৰ্ড খণ্ডৰ ইণ্ডিয়ান কাষ্টম য়াৰ্ড ৰে’ল ষ্টেচনত বুধবাৰে স্পঞ্জ আইৰণ লোড কৰা প্ৰথমখন ৰপ্তানি কাৰ্গো কণ্টেইনাৰ ট্ৰেন লৈ অনা হ’ব।

দক্ষিণ পূব ৰে’লৱেৰ চক্ৰধৰপুৰ মণ্ডলৰ অন্তৰ্গত মুৰ্গা মহাদেৱ ৰোডত অৱস্থিত মেচাৰ্চ টাটা স্পঞ্জ আইৰণ লিমিটেডৰ এটা ব্যক্তিগত চাইডিঙৰ পৰা এই কনচাইনমেন্ট লোড কৰা হয়। এই কনচাইনমেন্টটো কণ্টেইনাৰ কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেড (কনক’ৰ)ৰ দ্বাৰা মেচাৰ্চ পশুপতি আইৰণ এণ্ড ষ্টীল প্ৰাইভেট লিমিটেড, বিৰাট নগৰ (নেপাল)লৈ পৰিবহন কৰা হ’ব। ই যোগবানীস্থিত কাষ্টমচ ইণ্টিগ্ৰেটেড চেক পোষ্টত অনুমোদিত হৈ ইণ্ডিয়ান কাষ্টম য়াৰ্ড ৰে’ল ষ্টেচনৰ পৰা নেপাললৈ ট্ৰাকেৰে পৰিবহন কৰা হ’ব।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১ জুন, ২০২৩ তাৰিখে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল ‘প্ৰচণ্ড’ৰ সৈতে একেলগে বিহাৰৰ বাথনাহাৰ পৰা নেপাল কাষ্টম য়াৰ্ডলৈ এখন ভাৰতীয় ৰে’লৱে কাৰ্গো ৰে’লৰ শুভাৰম্ভ কৰে। এইখন যোগবান-বিৰাটনগৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰছ-বোৰ্ডাৰ ৰে’ল লিংগ প্ৰকল্পৰ এটা অংশ যি নেপালৰ স্থলবেষ্টিত দেশলৈ ৰে’লৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰে।

এই সংযোগে নেপালক ৰে’লৱেৰ জৰিয়তে ভাৰতৰ সাগৰীয় বন্দৰসমূহলৈ পোনপটীয়া প্ৰৱেশাধিকাৰ লাভ কৰিবলৈ অনুমতি দিব যাৰ ফলত দেশখনৰ বাবে লজিষ্টিক ব্যয় যথেষ্ট পৰিমাণে হ্ৰাস পাব। পূৰ্বে, নেপাললৈ সামগ্ৰী পৰিবহন মুখ্যতঃ পথৰ জৰিয়তে কৰা হৈছিল। ৰে’ল সংযোগে নেপালৰ সৈতে বিভিন্ন ধৰণৰ সামগ্ৰীৰ সুলভ পৰিবহন নিশ্চিত কৰিব। ভাৰতীয় ৰে’লৱে এই অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে ক্ৰছ বোৰ্ডাৰ কানেকটিভিটি বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।