মুৰফুলনি, ১৮ নৱেম্বৰ: গোলাঘাট জিলাৰ মৰঙি মৌজাৰ মুৰফুলনি সমীপৰ শ্যামৰাইপুৰ চাহ বাগিচাৰ ফেক্টৰীৰ ওচৰত নিশা NL 08 A 8056 নম্বৰৰ এখন ডিজেল ভৰ্তি ট্ৰেংকাৰ দুৰ্ঘটনাত পতিত হয়৷ জানিব পৰা মতে,  নিশা প্রায় ৮.৩০ মান বজাত ডিজেল ভৰ্তি ট্ৰেংকাৰখন শ্যামৰাইপুৰ ফেক্টৰীৰ পথত কিছুদূৰ গৈ এখন বালিগাড়ীক কাষ দিওঁতেই পথৰ পৰা বাগৰি পৰে৷ লগে লগেই ট্ৰেংকাৰৰ পৰা তেল নিবলৈ স্থানীয় লোকসকলে হাতে হাতে গেলন, বাল্টি, বটল লৈ ভিৰ কৰেহি দুৰ্ঘটনাস্থলীত৷ ইতিমধ্যে ঘটনাৰ খবৰ পাই কিছুসময়ৰ পাছতে বগীজান আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত৷ দুখন ক্ৰেনৰ সহায়ত বহু চেষ্টা কৰাৰ অন্তত নিশা প্ৰায় ১ বজাতহে উদ্ধাৰ কৰে ট্ৰেংকাৰখন৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই চালক-হেন্দিমেনে আত্মগোপন কৰি আছে বুলি জানিব পৰা গৈছে৷ আনহাতে, বাগিচা কৰ্তৃপক্ষৰ বুজাবুজিত নিশাৰ আন্ধাৰৰ সুযোগ লৈ ট্ৰেংকাৰখনে চোৰাংভাৱে ফেক্টৰীলৈ তেল লৈ আনিছিল বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে যদিও আৰক্ষীৰ তদন্ততহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি সচেতন লোকে মতপোষণ কৰিছে৷