সোণাৰি, নৱেম্বৰ ৯: চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ সমীপৰ জৱকা চাহ বাগিছাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷ অভিযোগ অনুসৰি, বাগিছাখনৰ কৰ্তৃপক্ষ‍ৰ চৰম দায়িত্বহীনতা আৰু গুৰুত্বহীনতাৰ ফলত বাগিছাৰ কলঘৰত কৰ্মৰত অৱস্থাত শ্ৰমিক শম্ভু বাউৰি আঘাটপ্ৰাপ্ত হয়। আঘাটপ্ৰাপ্ত শ্ৰমিকজনক নিম্নতম চিকিৎসা সুবিধা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে‌ বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে। দুৰ্ভগীয়া শ্ৰমিকজনক পৰিয়ালৰ লোকে অৰ্থৰ অভাৱত ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাৰ পৰা উভতাই অনাৰ পাছত বাগিছাৰ পৰিচালক হীৰেণ কোঁৱৰে পৰিয়ালৰ লোকক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। আনহাতে মৃত্যুৰে যুঁজি হাৰ মানিলে গুৰুতৰভাৱে আহত শ্ৰমিক শম্ভু বাউৰিয়ে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে আদিবাসী ছাত্ৰ সন্থা সৰৱ হৈ পৰিছে আৰু যিকোনো সময়ত বাগিছাখনৰ পৰিস্থিতি অৱনতি হোৱাৰ আশংকাই দেখা দিছে৷