তিতাবৰ, নৱেম্বৰ ৯: ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি কৰি অহা জল সম্পদ বিভাগৰ উপ অভিযন্তা (গ্ৰেড-বি) নীলকান্ত দাসৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ বিষয়াগৰাকীৰ আত্মীয়ৰ আক্ৰমণৰ বলি হ’বলগীয়া হৈছিল চাৰিজনকৈ বৈদ্যুতিন মাধ্যমৰ সাংবাদিক। আক্ৰমণকাৰী কেইজনে সাংবাদিকক আক্ৰমণ কৰাতেই ক্ষান্ত নাথাকি ভাঙি দিছিল তিনিটাকৈ কেমেৰা আৰু দুটাকৈ মোবাইল। এই সমগ্ৰ ঘটনা সংঘটিত হৈছিল ছয়জনকৈ কৰ্তব্যৰত অৱস্থাত থকা যোৰহাট আৰক্ষীৰ সন্মুখতে। কিন্তু আৰক্ষীয়ে সাংবাদিক কেইজনক ৰক্ষণাবেক্ষণ দিয়াৰ বিপৰীতে লৈছিল নিৰ্লিপ্ত ভূমিকা। পিছত ভুক্তভূগী সাংবাদিককেইজনৰ যুতিকা মহন্ত চিটি চেনেল আৰু ৱেব মিডিয়া এন.ই.লাইভ, সংবাদ365ৰ যোৰহাটৰ সংবাদিক আৰু প্ৰাগ নিউজৰ তপন মিশ্ৰই পৃথক পৃথকৈ যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছিল আৰু যোৰহাট আৰক্ষীয়ে ঊষা দাস, চুনামনি বৰা দাস আৰু ভাৰতী দাসক আটক কৰিছিল। তদুপৰি যোৱা নিশা যোৰহাট আৰক্ষীয়ে সাংবাদিক নিগ্ৰহৰ কাণ্ডৰ লগত জড়িত বিতোপন দাসকো যোৰহাট ৰাজতীয়াৰ নিজ বাসভবনৰ পৰা আটক কৰি যুতিকা মহন্তই দাখিল কৰা এজাহাৰ ২৪২৪/১৭ আই পি চি ৩৪১, ২৯৪, ৩৪৮, ৩৫৪, ৫০৬/৩৪ আৰু তপন মিশ্ৰই দাখিল কৰা এজাহাৰ ২৪২৯/১৭ আই পি চি ৩৪১, ৩২৪, ৩২৫, ৩৯৪, ২৯৪, ৩৭৯, ৫০৬/৩৪ ধাৰা অধিনত গ্ৰেপ্তাৰ কৰে আৰু চাৰিজনকে আজি জেল হাজোতলৈ প্ৰেৰণ কৰে।