গুৱাহাটী, নৱেম্বৰ ৯:  হোটেল ৰেডিছন ব্লুত জিএচটি কাউন্সিলৰ বৈঠকত বিভিন্ন ৰাজ্যৰ চৰকাৰী বিষয়াৰ মাজত আলোচনাত মিলিত হ’ব৷ প্ৰাপ্ত তথ্য মতে, জিএচটি কাউন্সিলৰ বৈঠকত কোনো মন্ত্ৰী উপস্থিত নাথাকে৷ পশ্চিম বংগৰ বাহিৰে সকলো ৰাজ্যৰ চৰকাৰী বিষয়া বৈঠকত অংশগ্ৰহণ কৰিব৷ কিন্তু সংবাদ মাধ্যমক বৈঠকত প্ৰৱেশৰ বাবে অনুমতি দিয়া নাই৷ জানিব পৰা মতে, পৰিষদৰ মূল বৈঠক শুকুৰবাৰে অনুষ্ঠিত হ’ব৷ পৰিষদৰ মূল বৈঠকত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলী, কেইবাখনো ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰী৷ গুৱাহাটীত অৰুণাচল আৰু দিল্লীৰ উপ-মুখ্যমন্ত্ৰী উপস্থিত হৈছে বুলি জানিব পৰা গৈছে৷ আনহাতে সন্ধিয়া ৭.৩০ বজাত গুৱাহাটীত উপস্থিত হ’ব অৰুণ জেটলী৷