নিউজ ডেস্ক : কংগ্ৰেছ নেতা ৰাহুল গান্ধীক (Rahul Gandhi) দুবছৰৰ কাৰাদণ্ড আদালতৰ। এক গোচৰৰ শুনানিৰ ৰায়দান প্ৰদান কৰি আদালতে কংগ্ৰেছ নেতা গৰাকীক দোষী সাব্যস্ত কৰে। মোদী উপাধিকলৈ এক বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল ৰাহুল গান্ধীয়ে। অৱশ্যে আদলতে কংগ্ৰেছ নেতা গৰাকীক ৩০ দিনৰ জামিন প্ৰদান কৰিছে।

এক বিতৰ্কিত মন্তব্যৰ বাবে বিপদত পৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। গুজৰাটৰ চুৰত জিলা আদালতে ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু হোৱা এক গোচৰৰ শুনানিত গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে। আদলতে কংগ্ৰেছৰ নেতা গৰাকীক দুবছৰৰ কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰিছে। ২০১৯ চনত কংগ্ৰেছ নেতা গৰাকীৰ বিৰুদ্ধে মোদী উপাধিকলৈ বিতৰ্কিত মন্তব্য প্ৰদান কৰাৰ অভিযোগত এক অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল।

২০১৯ চনত কৰ্ণাটক লোকসভা নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মোদী উপাধিকলৈ এক বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল। ইয়াৰ পিছতে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্নেশ মোদীয়ে কংগ্ৰেছ নেতা তথা ৱায়ানাডৰ লোকসভাৰ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছিল।

বৃহস্পতিবাৰে আদালতে গোচৰটোৰ শুনানি গ্ৰহণ কৰি ৰায়দান প্ৰদান কৰে। আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ডৰ ৰায়দান প্ৰদনা কৰে যদিও আদলতে ১০ হাজাৰ টকাৰ জামিন বণ্ডত কংগ্ৰেছ নেতাগৰাকীয়ে জামিন প্ৰদান কৰে। আদালতে ৩০ দিনৰ বাবে ৰাহুল গান্ধীক জামিন প্ৰদান কৰি শুনানি সন্দৰ্ভত উচ্চ ন্যায়ালয়লৈ যোৱাৰ অনুমতি প্ৰদান কৰে। ৰাহুল গান্ধী বৰ্তমানৰ এগৰাকী সাংসদ হোৱাৰ বাবে তৎক্ষণাত ব্যবস্থা লোৱাৰ পৰা ৰেহাই লাভ কৰিছে।

শুনানিৰ সময়ত ৰাহুল গান্ধী আদালতত উপস্থিত আছিল। আদালতৰ ৰায়দানৰ পিছত ৰাহুল গান্ধীয়ে টুইটাৰ যোগে হিন্দীত মহাত্মা গান্ধীৰ এক উদ্বুতি শ্বেয়াৰ কৰে। ৰাহুল গান্ধীয়ে টুইটত লিখিছিল,”মোৰ ধৰ্ম সত্য আৰু অহিংসাৰ ওপৰত আধাৰিত। সত্য হৈছে মোৰ ঈশ্বৰ আৰু অহিংসাই ইয়াক প্ৰাপ্ত কৰাৰ উপায়-মহাত্মা গান্ধী।”