নিউজ ডেস্ক : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ( Rahul Gandhi) সাংসদ পদ খাৰিজ। মোদী উপাধিকলৈ বিতৰ্কিত মন্তব্য কৰি আদালতৰ শাস্তিৰ সন্মুখীন হোৱা ৰাহুল গান্ধীয়ে এইবাৰ হেৰুৱালে সাংসদ পদ। লোকসভা সচিবালয়ে এক জাননীযোগে শুকুৰবাৰে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱা বুলি ঘোষণা কৰে।

বৃহস্পতিবাৰে আদালতৰ শাস্তিৰ সন্মুখীন হোৱা কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে শুকুৰবাৰে হেৰুৱালে নিজৰ সাংসদ পদ। কংগ্ৰেছ নেতা ৰাহুল গান্ধী কেৰালাৰ ৱাইনাদ সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। শুকুৰবাৰৰ পৰা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হয়। লোকসভা সচিবালয়ে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰে।

চুৰটৰ এক আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰিছিল। বৃহস্পতিবাৰে এক গোচৰৰ শুনানিৰ ৰায়দানত আদালতে কংগ্ৰেছ নেতা গৰাকীক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰিছিল। মোদী উপাধিকলৈ ৰাহুল গান্ধীয়ে এক বিতৰ্কিত মন্তব্য প্ৰদান কৰাৰ পিছতে ৰাহুল গান্ধীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল আৰু এই গোচৰৰ শুনানিত আদালতে এই ৰায়দান প্ৰদান কৰিছিল।

গুজৰাটৰ চুৰট জিলা আদালতে বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু হোৱা এক গোচৰৰ শুনানিত গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰি কংগ্ৰেছৰ নেতা গৰাকীক দুবছৰৰ কাৰাদণ্ডৰ ৰায়দান দিছিল। ২০১৯ চনত কংগ্ৰেছ নেতা গৰাকীৰ বিৰুদ্ধে মোদী উপাধিকলৈ বিতৰ্কিত মন্তব্য প্ৰদান কৰাৰ অভিযোগত এক অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল। ২০১৯ চনত কৰ্ণাটক লোকসভা নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মোদী উপাধিকলৈ এক বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল। ইয়াৰ পিছতে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্নেশ মোদীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছিল।

বৃহস্পতিবাৰে আদালতে গোচৰটোৰ শুনানি গ্ৰহণ কৰি ৰায়দান প্ৰদান কৰে। আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ডৰ ৰায়দান প্ৰদনা কৰে যদিও আদলতে ১০ হাজাৰ টকাৰ জামিন বণ্ডত কংগ্ৰেছ নেতাগৰাকীয়ে জামিন প্ৰদান কৰে। আদালতে ৩০ দিনৰ বাবে ৰাহুল গান্ধীক জামিন প্ৰদান কৰি শুনানি সন্দৰ্ভত উচ্চ ন্যায়ালয়লৈ যোৱাৰ অনুমতি প্ৰদান কৰে। শুনানিৰ সময়ত ৰাহুল গান্ধী আদালতত উপস্থিত আছিল।