গুৱাহাটী, ১ অক্টোবৰ, ২০২৩ : স্বচ্ছতাৰ বাবে “কৰিম অথবা মৰিম” বাণীৰে হাতত ঝাড়ু লৈ ৰাজপথত এদল শিশু। জাতিৰ পিতা মহাত্মা গান্ধীৰ (Mahatma Gandhi) প্ৰতি শ্ৰদ্ধাঞ্জলিৰে দেওবাৰে বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ ৰ উদ্যোগতো “স্বচ্চতাই সেৱা” অভিযানৰ অংশৰূপে “এক তাৰিখ এক ঘণ্টা এক সাথ” কাৰ্যসূচী ৰূপায়ন কৰা হয়।

এই উপলক্ষে গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ বোন্দা দুৰ্গা মন্দিৰৰ সমীপত সংস্থাৰ “স্কুল ৱাপচি” কাৰ্যসূচীৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে এক সামূহিক চাফাই অভিযান চলায়। শিশুহঁতে এটা বৃহৎ এলেকা পৰিষ্কাৰ কৰে। শিশুসকলে স্বচ্ছতাৰ বাবে “কৰিম অথবা মৰিম” বাণীৰে হাতে হাতে ঝাড়ু লৈ হাতমোজা পিন্ধি চাফাই অভিযান চলায়। উল্লেখযোগ্য যে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি থকা বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ এ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতাৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই দীৰ্ঘদিন ধৰি এই দিশত কাম কৰি আহিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মন কি বাত অনুষ্ঠানৰ জৰিয়তে স্বচ্ছতাক জীৱনৰ এটা অংশ কৰি লৈ গান্ধীজীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্যে ১ তাৰিখে এঘণ্টা সময় স্বেচ্ছাই সকলোকে শ্ৰমদান কৰিবলৈ আহ্বান জনাইছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেওবাৰে সংস্থাৰ নেতৃত্বত কণ কণ শিশুহঁতৰ লগতে সংস্থাৰ সদস্যসকলে চাফাই অভিযান চলায়।