ওদালগুৰি, সংবাদ ৩৬৫, ৬ ছেপ্টেম্বৰ : বৃহস্পতি বাৰে সমগ্ৰ ভাৰতবৰ্ষতে ড.সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটি শিক্ষক দিৱস হিচাপে উলহ মালহেৰে পালন কৰাৰ দৰে ওদালগুৰি জিলাৰ মাজবাটৰ ড.ভূপেন হাজৰিকা মুকলি মঞ্চত ৩৯নং পাচনৈ ছেৰফাং সমষ্টিৰ এমচিএলএ তথা বিটিচিৰ ই.এম শ্যাম চুণ্ডীৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চৰকাৰী বেচৰকাৰী বিদ্যালয়ৰ সহস্ৰাধিক শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলক ফুলাম গামোচা,ফুলৰ থোপা আদিৰে জনালে সম্বৰ্দ্ধনা ।

উক্ত সম্বৰ্দ্ধনা সভাত উপস্থিত থাকে মুখ্য অতিথি অঞ্জন জ্যোতি চৌধুৰী ,৭০নং মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰন বড়ো,আৰু বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰবীন বড়ো।

উক্ত সভাত ই.এম শ্যাম চুণ্ডীয়ে কয় যে বিগত চাৰি বছৰি ধৰি শিক্ষক সকলক এনেদৰে বিপিএফৰ উদ্যোগত শ্ৰদ্ধাৰ শিক্ষা গুৰু সকলক এনেদৰে সন্মান জনাই আহিছে ,অনাগত দিনতো শিক্ষক সমাজৰ বিভিন্ন সমস্যাৰ লগত ই.এম গৰাকী থাকিব বুলি উল্লেখ কৰে।