গুৱাহাটী, সংবাদ ৩৬৫, ৭ ছেপ্টেম্বৰ : গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমান বন্দৰ সহিতে দেশৰ ৬খন লাভাজনক বিমান বন্দৰক ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়াৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেতে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ হতকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে এয়াৰপৰ্ট অথৰিটি এমপ্ল’য়েছ ইউনিয়ন ।

এখন লাভাজনক বিমান বন্দৰক ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়াৰ কেন্দ্ৰীয় চৰকাৰে যি পৰিকল্পনা লৈছে সেয়া কোনোপধ্যে মানি লোৱা নহ’ব বুলি মন্তব্য কৰি আন্দোলন চলাই নিয়াৰ হুংকাৰ দি উত্তৰ-পুৰ্বাঞ্চলৰ একমাত্ৰ আন্তজাৰ্তিক বিমান বন্দৰখন কোনোপদ্ধেই ব্যক্তিগতকৰন কৰিবলৈ দিয়া নহ’ব । কেন্দ্ৰীয় চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে কৰ্মচাৰীসকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদত উত্তাল কৰিলে বিমান বন্দৰ চৌহদ ।

পৰৱৰ্তী সময়টো এয়াৰপৰ্ট অথৰিটি এমপ্ল’য়েছ ইউনিয়নয়ে জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তত সমগ্ৰ অসম তথা উত্তৰ-পুৰ্বাঞ্চলৰ বাবে এক হঠকাৰী সিদ্ধান্ত বুলিও সংগঠনটোৱে প্ৰকাশ কৰি যদি কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো সহাৰি নাপায় তেতিয়াহলে জংগী আন্দোলনৰো হুংকাৰ দিয়ে ।

উল্লেখ্য যে কিছুদিন পুৰ্বে বৰঝাৰৰ বিমানবন্দৰৰ নিবিদা লাভ কৰিছিল আদানী গ্ৰুপে ।