গুৱাহাটী, ৮ ছেপ্টেম্বৰ, ২০২৩ : মূলতঃ নাৰী আৰু সামাজিক প্ৰমূল্যবোধক বিষয়বস্তু হিচাপে লৈ সুদীৰ্ঘ প্ৰায় তিনি দশক ধৰি অসমৰ নাট্যক্ষেত্ৰৰ শ্ৰীবৃদ্ধিৰ বাবে নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই অহা জিৰছং থিয়েটাৰে শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে ‘স্বয়ম নাট সমাৰোহ আৰু আলোচনা সত্ৰ’। ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ (Srimanta Sankardev Kalakhetra) সমাজৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আৰম্ভ হোৱা ‘স্বয়ম নাট সমাৰোহ আৰু আলোচনা সত্ৰ’খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট অভিনয় শিল্পী প্ৰাঞ্জল শইকীয়া আৰু সাহিত্য একাডেমী বঁটা প্ৰাপক গল্পকাৰ তথা বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে।

১৯৯৫ চনত কাৰ্বি আংলং জিলাৰ ডিফুত জন্ম লাভ কৰা জিৰছং থিয়েটাৰৰ প্ৰায় তিনি দশকজোৰা ঐতিহাসিক যাত্ৰা সামৰি শুকুৰবাৰৰ পৰা কলাক্ষেত্ৰত আৰম্ভ হৈছে এখন স্থিৰচিত্ৰ প্ৰদৰ্শনীও। শুকুৰবাৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা তথা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই এই প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে। তিনি দশকজোৰা যাত্ৰাকালত জিৰছং থিয়েটাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰে-ভৈয়ামে, নগৰে-চহৰে অসমীয়া, কাৰ্বি, বড়ো, নাগামীজ, হিন্দী ভাষাত ৪০ খনতকৈয়ো অধিক নাটক মঞ্চস্থ কৰাই নহয়, জন্ম দিছে অজস্ৰ অভিনয় শিল্পী তথা কলা-কুশলীৰ। ভাৰতৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কুৰিখনতকৈয়ো অধিক ৰাষ্ট্ৰীয়-
আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত নাট পৰিবেশন কৰাৰ উপৰি জিৰছং থিয়েটাৰে অভিনয় আৰু পৰিচালনাৰ লগতে বিভিন্ন আনুষংগিক বিষয়ত ন-শিকাৰুৰ বাবে ৩০ টাৰো অধিক প্ৰশিক্ষন শিবিৰ অনুষ্ঠিত কৰিছে।

নাট্য প্ৰতিষ্ঠাটোৱে ২০১৭ চনৰ পৰা গুৱাহাটীৰ ৰাজগড়ত জিৰছং ষ্টুডিঅ’ৰ জৰিয়তে শিশুসকলক নিয়মীয়াকৈ নাট প্ৰশিক্ষণ আৰু নিবেদনৰো ব্যৱস্থা কৰি আহিছে। এন এছ ডিৰ পৰিচালনা বিভাগৰ স্নাতক তথা সংগীত নাটক একাডেমীৰ বিছমিল্লা খাঁ বঁটাপ্ৰাপক ৰবিজিতা গগৈৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ ডিফুত জন্ম লাভ কৰিছিল জিৰছং থিয়েটাৰ। প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰি সাংস্কৃতিক পৰিক্ৰমা তথা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই কয় যে ‘আজিৰ যুগত অসমত অপেচাদাৰী নাট্যগোষ্ঠীসমূহে কাম কৰি থকাটো প্ৰত্যাহ্বানস্বৰূপ। তাৰ মাজতো কিছু নাট্যগোষ্ঠীয়ে সামাজিক দায়বদ্ধতাৰে সমাজখনক নতুন চিন্তাৰে আগুৱাই নিবলৈ এই সাধনা চলাই গৈছে। তাৰ মাজত ৰবিজিতা গগৈ অন্যতম। অসমৰ অপেছাদাৰী নাট্যগোষ্ঠীৰ মূল কেন্দ্ৰস্বৰূপ ৰবীন্দ্ৰ ভৱন নতুনকৈ নিৰ্মাণৰ কাম চৰকাৰে হাতত লৈছে। বিশ্বৰ অত্যাধুনিক প্ৰযুক্তিৰে ৰবীন্দ্ৰ ভৱনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’লে অপেছাদাৰী নাট্যগোষ্ঠীসমূহৰ বাবে মঞ্চৰ ডাঙৰ অভাৱ দূৰ হ’ব। সম্প্ৰতি নাট মঞ্চায়ন অতি ব্যয়বহুল হৈ পৰিছে। অপেছাদাৰী হৈয়ো পেছাদাৰিত্বক আঁকোৱালি ল’ব লগা হৈছে।’

আনহাতে, শুকুৰবাৰে নাট্য প্ৰতিষ্ঠানটোৱে নাট্যপ্ৰেমীৰ বাবে আয়োজন কৰা স্বয়ম নাট সমাৰোহত সংগীত নাটক একাডেমী বঁটা বিজেতা অৰুণ শৰ্মাৰ নাটক ‘আহাৰ’ মঞ্চস্থ কৰে। শনিবাৰে অৰ্থাৎ ৯ ছেপ্টেম্বৰত চফ’ক্লিছৰ বিশ্ব বিখ্যাত নাটক এণ্টিগণিৰ অসমীয়া অভিযোজনা ‘এণ্টিগণি মেনিয়া’ আৰু ১০ ছেপ্টেম্বৰত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ গল্প ‘স্ত্ৰী পত্ৰ’ৰ আধাৰত ৰচিত নাটক ‘ইতি মৃণালিনী’ মঞ্চস্থ হ’ব। কেউখন নাটকৰে পৰিচালনা কৰিছে এন এছ ডিৰ পৰিচালনা বিভাগৰ স্নাতক তথা সংগীত নাটক একাডেমীৰ বিছমিল্লা খাঁ বঁটাপ্ৰাপক ৰবিজিতা গগৈয়ে। শুকুৰবাৰে বিয়লি ‘নতুন প্ৰজন্ম আৰু অসমীয়া নাটক’ শীৰ্ষক আলোচনা সত্ৰত সমল ব্যক্তিৰূপে অংশগ্ৰহন কৰে নাট্য শিল্পী তথা নাট পৰিচালিকা ভাগীৰথী, সমুদ্ৰ কাজল শইকীয়া, হিমাংশু প্ৰসাদ দাস, পৰী শৰণীয়া, ভাস্কৰ বৰুৱাই। শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এই নাট সমাৰোহখনিত মমি গগৈ, ভাস্কৰজ্যোতি নাথ, কাৰিস্মা বড়ো, কল্পজিত শইকীয়া, তৰালী বৰা, সুভম দে, মৃগাংক কুমাৰ নাথ, আভিলাষ বৰবৰা, হিৰণ্য হালৈ, মনোজ কুমাৰ গগৈ, হিয়াশ্ৰী গগৈ, ধ্ৰুৱজ্যোতি স্পন্দন, ৰূপশ্ৰী নেওগ, গীতুমনি কাশ্যপ আদি শিল্পীয়ে অভিনয় কৰে।