গুৱাহাটী : এক ৰহস্যজনক মৃত্যু। মহানগৰী গুৱাহাটীত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। মৃত যুৱতী গৰাকী আছিল জনপ্ৰিয় ইউটিউবাৰ (YouTuber Found Dead)। তিনিমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল জনপ্ৰিয় ইউটিউবাৰ গৰাকী। ইউটিউবাৰ গৰাকীৰ স্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

মহানগৰীৰ গুৱাহাটীৰ বামুনিমৈদাম অঞ্চলত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুৱে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য।বামুনিমৈদামৰ অনুৰাধা ছবি গৃহৰ সমীপৰ অৰনাচাল পথৰ ৪ নং গৃহত এগৰাকী জনপ্ৰিয় ইউটিউবাৰৰ ৰহস্যজনক মৃত্যুৱে সৃষ্টি কৰিছে চাঞ্চল্যৰ। জনপ্ৰিয় ইউটিউবাৰ প্ৰিয়লিনা নাথৰ ৰহস্যজনকভাৱে মৃত্যু হৈছে। মাত্ৰ তিনিমাহ পূৰ্বে ইউটিউবাৰ প্ৰিয়লিনা নাথ শোণিতপুৰৰ এজন যুৱক সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।

বিবাহৰ তিনিমাহ পিছতে ইউটিউবাৰ প্ৰিয়লিনা নাথৰ ৰহস্যজনক মৃত্যুক সহজে লব পৰা নাই পৰিয়ালৰ লোকে। আত্মহত্যা যেন লাগিলেও পৰিয়ালৰ লোকে প্ৰিয়লিনা নাথৰ মৃত্যুক হত্যাকাণ্ড বুলি অভিহিত কৰিছে। বামুনিমৈদামৰ অৰনাচাল পথত ভাড়া ঘৰত থকা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পংকজ নাথৰ সৈতে প্ৰায় ৬ মাহ পূৰ্বে চিনাকি হৈছিল ইউটিউবাৰ প্ৰিয়লিনা নাথৰ। পৰৱৰ্তী সময়ত এই চিনাকি প্ৰেমৰ ৰূপ লয় আৰু তিনিমাহ দুয়ো বিবাহ পাশত আৱদ্ধ হয়।

বিবাহৰ তিনিমাহ পিছতে ইউটিউবাৰ প্ৰিয়লিনা নাথৰ মৃতদেহ স্বামী গৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়। প্ৰিয়লিনা নাথৰ স্বামী পংকজ নাথে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে পংকজ নাথৰ মৃতদেহ। পংকজ নাথৰ ভাষ্য অনুসৰি পত্নী মৃতদেহ ওলমি থকা প্ৰত্যক্ষ কৰি তেওঁ ৰচী কাটি পত্নীৰ মৃতদেহ তললৈ নমাই আনে। ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত পংকজ নাথে চান্দমাৰী আৰক্ষীক খবৰ দিয়ে।

চান্দমাৰী আৰক্ষী ঘটনাৰ খবৰ পাই বামুনিমৈদামৰ অৰনাচাল পথত থকা ৪ নং গৃহত উপস্থিত হৈ প্ৰিয়লিনা নাথৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। ইফালে প্ৰিয়লিনা নাথৰ পৰিয়ালৰ লোকে
প্ৰিয়লিনা নাথৰ মৃত্যুক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে। আৰক্ষীয়ে প্ৰিয়লিনা নাথৰ স্বামী পংকজ নাথক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।