ধুবুৰী, ২৮ ছেপ্টেম্বৰ, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল তিনিজনকৈ চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। ২০ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে বন বিভাগৰ তিনিজনকৈ কৰ্মচাৰীয়ে।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত থকাৰ মাজতে এইবাৰ বন বিভাগৰ তিনিজনকৈ কৰ্মচাৰী পৰিল জালত।

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ধুবুৰী বন বিভাগৰ তিনিজনকৈ কৰ্মচাৰী। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ধুবুৰীৰ বন বিভাগৰ ডি এফ অ’ বিনোদ কুমাৰ পায়েং, গ্ৰেড ৱান ফৰেষ্টাৰ জিয়াউল ইছলাম আৰু শ্বাহবাজ চুলতান। ২০ হাজাৰ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে ধুবুৰীৰ বন বিভাগৰ ডি এফ অ’ বিনোদ কুমাৰ পায়েং, গ্ৰেড ৱান ফৰেষ্টাৰ জিয়াউল ইছলাম আৰু শ্বাহবাজ চুলতান।

বালি মহলৰ বাবে এজন লোকৰ পৰা উৎকোচ দাবী কৰিছিল ধুবুৰী বন বিভাগৰ কৰ্মচাৰী তিনিতজনে। বালি মহলৰ বাবে প্ৰথমে লোকজনৰ পৰা মাহেকত ৪ লাখ টকাৰ উৎকোচ দাবী কৰিছিল তিনিওজনে। পৰৱৰ্তী সময়ত এই উৎকোচৰ পৰিমাণ ২ লাখলৈ হ্ৰাস কৰে। ধুবুৰী বন বিভাগৰ কৰ্মচাৰী তিনিজনে উৎকোচ দাবী কৰা লোকজন কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ। লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অতি কৌশলেৰে জাল পেলাই উৎকোচ লৈ থকা অৱস্থাত তিনিওকে হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়।

ধুবুৰী বন বিভাগৰ কৰ্মচাৰী তিনিজৰ কবলৰ পৰা উৎকোচৰ ৮ হাজাৰ টকাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে তিনিওকে গ্ৰেপ্তাৰ কৰি এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৭২/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।