মুকালমুৱা, ২৮ ছেপ্টেম্বৰ, ২০২৩ : ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই হঠাৎ কাল ৰূপ ধাৰণ কৰিছে বৰক্ষেত্ৰীত (River Brahmaputra Erosion)। নিশা হঠাৎ ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল সোঁতে খহাবলৈ ধৰে জলসম্পদ বিভাগৰ মথাউৰি। অঞ্চলজুৰি সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ। নিশাই নিৰাপদ স্থানৰ সন্ধানত ঢাপলি মেলে বহু লোকে। খহনীয়া অঞ্চলত নিশাই সমাগম ঘটে হাজাৰ হাজাৰ লোকৰ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়াবহ ৰূপ ধাৰণ কৰিছে গৰাখহনীয়া। ব্ৰহ্মপুত্ৰ নদীৰ লগতে সৰু-বৰ নৈৰ পাৰত বসবাস কৰা লোক সকলৰ নিদ্ৰা হৰণ কৰিছে গৰাখহনীয়াই। ইতিমধ্যে হাজাৰ হাজাৰ লোকৰ মাটি-ভেটি জাহ গৈছে নদীৰ বুকুত। বাসস্থানত হেৰুৱাই গৃহহীন হৈ পৰিছে বহু লোক। কৃষিভূমি নদীৰ বুকুত বিলীন হোৱাত পৰিয়াল পোহপাল দিবলৈ দিন হাজিৰ কৰিবলৈ বাধ্য হৈছে বহু কৃষক।

ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে নলবাৰী জিলটো গৰাখহনীয়া প্ৰভাৱিত অঞ্চল সমূহৰ ৰাইজ আতংকৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে। বুধবাৰে নিশাৰ ভাগত নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ গোৰাক্ষাট্টাৰী-লাৰকুছিত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই হঠাৎ কালৰূপ ধাৰণ কৰাত ৰাইজৰ মাজত এক হাহাকৰময় অৱস্থাৰ সৃষ্টি হয়। হঠাৎ ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল সোঁতে খহাবলৈ আৰম্ভ কৰাৰ জলসম্পদ বিভাগৰ মথাউৰি৷ আতংকিত হৈ বহু নৈ পৰিয়া লোকে নিশাই নিৰাপদ স্থানৰ সন্ধানত ঘৰ এৰি ঢাপলি মেলে।

নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ লাৰকুছি-গোৰাক্ষাট্টাৰী অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই অঞ্চলটোৰ ৰাইজৰ প্ৰতি ভয়াবহ বিপদ কঢ়িয়াই আনিছে। ইতিমধ্যে জলসম্পদ বিভাগৰ মথাউৰিৰ ১০০ মিটাৰতকৈ অধিকাংশ ঠাই বিপদজনক হৈ উঠিছে৷ নিশাৰ ভাগত খহনীয়াই কালৰূপ ধাৰণ কৰাত অঞ্চলটোত আতংকয়ময় পৰিৱেশৰ সৃষ্টি হয়। ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল সোঁতে মথাউৰিৰ অধিক অংশই খহাই নিয়া খবৰে আতংকিত কৰি তোলে ৰাইজক। খহনীয়াস্থলীত নিশা সমাগত ঘটে হাজাৰ হাজাৰ লোকৰ।

নিশাই মথাউৰিৰ কোনো কোনো অংশত পানী নিগৰিবলৈ আৰম্ভ কৰে৷ ইয়াকে লৈ শংকিত হৈ পৰে অঞ্চলটোৰ ৰাইজ। মথাউৰিৰ কাষতে থকা কেইবাটাও পৰিয়ালে ঘৰ, মাটি এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে৷ গোৰাক্ষাট্টাৰী-লাৰকুছি অঞ্চলত তিনিমাহ পূৰ্বৰে পৰা খহনীয়াই ৰূদ্ৰ ৰূপ ধাৰণ কৰি আহিছে। জলসম্পদ বিভাগে মথাউৰিটো ৰক্ষাৰ চেষ্টা চলাইছিল যদিও বিগত এসপ্তাহে মথাউৰিটো মেৰামতিৰ কাম বন্ধ কৰি ৰখাত মথাউৰিটো প্ৰায় ছিঙি যোৱাৰ উপক্ৰম হৈছে৷