গুৱাহাটী, ১৭ আগষ্ট, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী আৰু এজন দালাল। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন লাট মণ্ডল আৰু এজন অভিযন্ত্ৰা (Government Employee Attested)। ৫ হাজাৰ টকা উৎকোচ লৈ লাট মণ্ডলজন আৰু ১০ হাজাৰ টকা লৈ হাত দাঙিলে অভিযন্ত্ৰাজন।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত আছে। উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পুনৰ পৰিল এজন লাট মণ্ডল আৰু এজন অভিযন্ত্ৰা।

উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল নবলাৰী জিলাৰ অন্তৰ্গত টিহু ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ এজন লাট মণ্ডল। মাত্ৰ ৫ হাজাৰ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে টিহু ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল দেবাশীষ বৰ্মন। মাটিৰ নামজাৰীৰ কাম কৰি দিয়াৰ বিনিময়ত লাট মণ্ডল দেবাশীষ বৰ্মনে এজন লোকৰ পৰা ২ লাখ টকা দাবী কৰিছিল। পৰৱৰ্তী সময়ত উৎকোচৰ ধনৰ পৰিমাণ ১ লাখ ৪০ হাজাৰ টকালৈ হ্ৰাস কৰা হৈছিল। লাট মণ্ডল দেবাশীষ বৰ্মনে উৎকোচ দাবী কৰা লোকজনে কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ

লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অতি কৌশলেৰে জাল পেলাই উৎকোচ লৈ থকা অৱস্থাত লাট মণ্ডল দেবাশীষ বৰ্মনক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে টিহু ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত নয়ন বৰ্মন নামৰ এজন লোক ৪ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে আটক কৰে। নয়ন বৰ্মনে লাট মাণ্ডল দেবাশীষ বৰ্মনৰ হৈ উৎকোচ লৈছিল। নয়ন বৰ্মনৰ কবলৰ পৰা উৎকোচৰ ৫ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে। আনহাতে দুৰ্নীতি নিবাৰক শাখাৰ আজিৰ দ্বিতীয়টো চিকাৰ আছিল অভিযন্ত্ৰা মনোজ কুমাৰ শইকীয়া।

হাফলং লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্ত্ৰা মনোজ কুমাৰ শইকীয়াই এজন লোকৰ পৰা ৫৫ হাজাৰ টকা দাবী কৰিছিল। পৰৱৰ্তী সময়ত এই উৎকোচৰ পৰিমাণ ২৫ হাজাৰলৈ হ্ৰাস কৰে। ইয়াৰে ১০ হাজাৰ টকা লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰে কাৰ্যবাহী অভিযন্ত্ৰা মনোজ কুমাৰ শইকীয়া। দুয়োটা উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৬৩/২০২৩ আৰু ৬৪/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি বহুকেইজন লাট মণ্ডল আৰু কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।