গোৱালপাৰা, ২২ আগষ্ট, ২০২৩ : গোৱালপাৰা জিলাৰ কৃষ্ণাইত অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চৰ অভিযান। অভিযানকালত জব্দ বৃহৎ পৰিমাণৰ নকল টকা (Two Arrested With Fake Currency)। গুৱাহাটীৰ পৰা কৃষ্ণাইলৈ অভিযান চলাবলৈ গৈছিল অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চৰ এটা দল। এখন বাহনত বৃহৎ পৰিমাণৰ নকল টকা লুকুৱাই আনিছিল নকল টকা সৰবৰাহকাৰীৰ এটা দল।

ৰাজ্যত ক্ৰমাৎ অধিক সক্ৰিয় হৈ পৰিছে নকল টকা আৰু নকল সোণৰ চক্ৰ। আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই নকল টকা আৰু নকল সোণৰ চক্ৰৰ লগত জড়িত বহু লোকক আটক কৰিছে যদিও এতিয়াও সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাই এই চক্ৰক। পুনৰবাৰ ৰাজ্যত বৃহৎ পৰিমাণৰ নকল টকা টকাসহ আটক হৈছে এই চক্ৰৰ লগত জড়িত তিনিজন লোক। গোৱালপাৰা জিলাৰ কৃষ্ণাই আটক কৰা হৈছে নকল টকা সৰবৰাহকাৰী চক্ৰৰ এই দলটোক।

মঙলবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইত অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চৰ এটা দলে অভিযান চলাই ১৪ লাখ ৫০ হাজাৰ টকাৰ নকল নোট জব্দ কৰি তিনিজন লোকক আটক কৰে। এক গোপন খবৰৰ ভিত্তিত অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চৰ এটা দল মঙলবাৰে গুৱাহাটীৰ পৰা গৈ কৃষ্ণাইত এই অভিযান চলাই সাফল্য লাভ কৰিবলৈ সক্ষম হয়। অভিযানকাৰী দলটোৱে এএছ-১৮-এফ-৬৮৬৩ নম্বৰৰ এখন বাহনত তালাচী চলাই এই বৃহৎ পৰিমাণৰ নকল টকা জব্দ কৰে।

অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চৰ অভিযানকাৰী দলটোৱে নকল টকাসহ আটক কৰে অনোৱাৰ হুছেইন, ৰফিক আহমেদ আৰু ক্ৰৱেল মাৰাক নামৰ তিনিজন সৰবৰাহকাৰীক। নকল টকা সৰবৰাহকাৰী তিনিজনৰ বাহনখনৰ পৰা ৫০০ টকীয়া ২৯ টা নকল নোটৰ বান্দিল উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে। অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চৰ দলটোৱে নকল টকা সৰবৰাহকাৰী তিনিজনক কৃষ্ণাই আৰক্ষীক গতাই দিয়ে। কৃষ্ণাই আৰক্ষীয়ে অধিক তথ্যৰ বাবে তিনিওকে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

কিছুদিন পূৰ্বে মহানগৰী গুৱাহাটীৰ দক্ষিণগাঁৱত হাউচ নম্বৰ ২০ ৰ পৰা নকল টকা আৰু নকল সোণ জব্দ কৰিছিল ভগদত্তপুৰ আৰক্ষীৰ এটা দলে। নকল টকা আৰু নকল সোণসহ লখিমপুৰৰ দুজন যুৱকো জালত পৰিছিল ভগদত্তপুৰ আৰক্ষীৰ।উল্লেখ্য যে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতে লখিমপুৰ জিলাৰ পৰা নকল টকা আৰু নকল সোণৰ চক্ৰ চলি থকাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল। এই চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে।