নিউজ ডেস্ক, ২৩ আগষ্ট, ২০২৩ : এক শোকাবহ দুর্ঘটনা। নিৰ্মাণাধীন অৱস্থাত থকা ৰে’লৱেৰ দলং ভাঙি ১৭ জন শ্ৰমিকৰ মৃত্যু (17 Killed Due To Railway Bridge Collapses In Mizoram)। ৩০ জনতকৈ অধিক লোক আহত। কেইবাজনো শ্ৰমিক আৱদ্ধ হৈ থকাৰ আশংকা। উদ্ধাৰ অভিযান অব্যাহত। পুৱা ১০ বজাত সংঘটিত হয় এই ভয়ংকৰ দুর্ঘটনা। আৰক্ষী আৰু ৰে’ল বিভাগৰ লোক উপস্থিত দুর্ঘটনাস্থলীত।

বুধবাৰে পুৱা ১০ বজাত সংঘটিত হৈছে এক শোকাবহ দুর্ঘটনা। মিজোৰামত নিৰ্মাণাধীন অৱস্থাত থকা ৰে’ল দলং ভাঙি ১৭ জনকৈ শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে ৩০ জনতকৈ অধিক শ্ৰমিক আহত হৈছে। চুবুৰীয়া ৰাজ্য মিজোৰামৰ ছাইৰাং অঞ্চলৰ সমীপত সংঘটিত হৈছে এই দুর্ঘটনা। নিৰ্মাণৰত ৰে’লৰ দলং ভাঙি ১৭ জন শ্ৰমিকৰ মৃত্যু হোৱা বুলি ৰে’ল বিভাগৰ বিষয়াসকলে তথ্য প্ৰদান কৰিছে। ৰে’ল আৰু আৰক্ষী বিষয়াৰ মতে, এই পৰ্যন্ত দুর্ঘটনাস্থলীৰ পৰা ১৭ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

আন বহু শ্ৰমিক দুৰ্ঘটনাস্থলীত আৱদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰা হৈছে। বুধবাৰে পুৱা দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত দুর্ঘটনাস্থলীত বহু শ্ৰমিক উপস্থিত আছিল। কুৰুং নদীৰ ওপৰেৰে বৈৰবী আৰু চাইৰাং সংযোগী ৰে’ল দলং নিৰ্মাণৰ কাম চলি আছিল। মিজোৰামৰ ৰাজধানী আইজলৰ পৰা প্ৰায় ২১ কিলোমিটাৰ দূৰত্বত সংঘটিত হৈছে এই শোকাবহ দুর্ঘটনা। এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই।

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই কয়, “আইজলৰ সমীপৰ ছাইৰাংত নিৰ্মাণৰত ৰে’লৱে অভাৰ ব্ৰীজ আজি ভাঙি যায়। এই দুর্ঘটনাত কমেও ১৭ জন শ্ৰমিক নিহত হৈছে, উদ্ধাৰ অভিযান চলি আছে। এই ট্ৰেজেডীত অতি দুখী। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। উদ্ধাৰ অভিযানত সহায় কৰিবলৈ বৃহৎ সংখ্যক আগবাঢ়ি অহা লোকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।”

দুর্ঘটনাৰ কাৰণ সন্দৰ্ভত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ফালৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা হোৱা নাই। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰক্ষী বিষয়া সব্যশাচী দেয়ে জানিবলৈ দিয়ে যে দুর্ঘটনাস্থলীত ৰে’ল বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে তদন্ত চলাই আছে। ইফালে এই শোকাবহ দুর্ঘটনাকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰাৰ লগতে নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহত সকললৈ ৫০ হাজাৰ টকা সাহাৰ্য্যৰ ঘোষণা কৰিছে।