নগাঁও, ২১ জুলাই , ২০২৩ : ৰাজ্যত পুনৰ জব্দ বুজন পৰিমাণৰ ড্ৰাগছ (War Against Drugs)। আৰক্ষীৰ অভিযানত জব্দ হয় বুজন পৰিমাণৰ ড্ৰাগছ। প্ৰায় ৫ কোটি টকা মূল্যৰ হে’ৰইনসহ আটক তিনি ড্ৰগাছ সৰবৰাহকাৰী। নগাঁও আৰক্ষীয়ে লাভ কৰিলে এই বৃহৎ সাফল্য।

অসম আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান মাজতো ৰাজ্যৰ অব্যাহত আছে ড্ৰাগছৰ বেহা আৰু সৰবৰাহ। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান তীব্রতৰ কৰি এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে যদিও অসম আৰক্ষীক যেন কেৰেপ নকৰে ড্ৰাগছ সৰবৰাহকাৰী সকলে। এতিয়াও ড্ৰাগছ সৰবৰাহকাৰী সকলে অসমৰ মাজেৰে ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে।

শুকুৰবাৰে পুনৰ ইয়াৰ এক জ্বলন্ত প্ৰমাণ দেখিবলৈ পোৱা যায়। অসমৰ মাজেৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই তিনি ড্ৰাগছ সৰবৰাহকাৰী বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰে। প্ৰায় ২ কেজি ৪০০ গ্ৰাম ওজনৰ হে’ৰইনসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক। এই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীয়ে।

নগাঁও আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই নগাঁও চহৰৰ মাজমজিয়াত এই বৃহৎ পৰিমাণৰ হে’ৰইনসহ ড্ৰাগছ সৰবৰাহকৰী তিনিজনক জালত পেলাবলৈ সক্ষম হয়। জব্দকৃত হে’ৰইনখিনিৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। এই বৃহৎ পৰিমাণৰ হে’ৰইনখিনি সৰবৰাহৰ লগত জড়িত তিনি ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে মৰিগাঁৱৰ চানু শ্বেখ, ডবকাৰ গুলজাৰ হুছেইন আৰু নগাঁও জিলাৰ ধিংৰ নিজামুদ্দিন।

আৰক্ষী বিষয়া সুপ্ৰতিভ লাল বৰুৱা আৰু পাৰ্থ প্ৰতিমা শইকীয়াৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই এই সাফল্য লাভ কৰে। ড্ৰাগছ সৰবৰাহকাৰী তিনিজন নাগালেণ্ডৰ ডিমাপুৰৰ পৰা হে’ৰইনখিনি লৈ মৰিগাঁও অভিমুখে আহি আছিল। ৬০ টা চাবোনৰ বাকচত হে’ৰইনখিনি লুকুৱাই আনিছিল ড্ৰাগছ সৰবৰাহকাৰী তিনিজন। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।