নিউজ ডেস্ক, ২১ জুলাই, ২০২৩ : মণিপুৰ কাণ্ডৰ মূল অভিযুক্তৰ (Main Culprit of Manipur Viral Video) ঘৰত অগ্নি সংযোগ। ক্ষোভিত গাঁৱৰ ৰাইজে অগ্নি সংযোগ কৰে মানৱ জাতিক লজ্জানত কৰা নিৰ্লজ্জ কাণ্ডৰ মূল অভিযুক্ত হুৰেম হেৰোডাছ মেইটেইৰ ঘৰত। মণিপুৰৰ হিংসাত্মক ঘটনাৰ সময়ত দুগৰাকী মহিলাক উলংগ কৰি নিৰ্যাতন চলাইছে একাংশ দুস্কৃতিকাৰীয়ে।

মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সময়ত দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথত পেৰেড কৰাই নিৰ্যাতন চলোৱা নিৰ্লজ্জ কাণ্ডৰ মূল অভিযুক্তৰ ঘৰত নিজৰ গাঁৱৰ ৰাইজে অগ্নি সংযোগ কৰে। মণিপুৰত মহিলা দুগৰাকীক নিৰ্যাতন চলোৱাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত সমগ্ৰ দেশতে এই ঘটনাক লৈ ক্ষোভৰ সৃষ্টি হৈছে। মণিপুৰৰ ঘটনাই সমগ্ৰ বিশ্ববাসীৰ ওচৰত লজ্জানত কৰিছে ভাৰতক।

এতিয়া অভিযুক্তৰ নিজৰ সম্প্ৰদায়ৰ লোকেও এই নিৰ্লজ্জ কাণ্ডকলৈ ক্ষোভিত হৈ পৰিছে। দুই কুকি মহিলাক উলংগ কৰি নিৰ্যাতন চলোৱা লোকসকল মেইটেই সম্প্ৰদায়ৰ আৰু এতিয়া মেইটেই সম্প্ৰদায়ৰ লোক সকলে মূল অভিযুক্তজনৰ ঘৰত অগ্নি সংযোগ কৰিছে। ভাইৰেল ভিডিঅ’টোত দুগৰাকী মহিলাক উলংগ কৰি নৃশংসভাৱে নিৰ্যাতন চলোৱা চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে মূল অভিযুক্ত হুৰেম হেৰোডাছ মেইটেইকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

মূল অভিযুক্ত হুৰেম হেৰোডাছ মেইটেইৰ ঘৰৰ ওচৰ-চুবুৰীয়া লোকসকলে যেতিয়া এই বিষয়ে জানিব পাৰিলে, তেতিয়া তেওঁলোকে মূল অভিযুক্ত হুৰেম হেৰোডাছ মেইটেইৰ ঘৰ জ্বলাই দিয়ে। তথ্য অনুসৰি অভিযুক্তৰ ঘৰটো নোংপক ছেকমাই থানাৰ অন্তৰ্গত অঞ্চলত আছে, য’ত বৃহস্পতিবাৰে সন্ধিয়া তেওঁৰ ওচৰ-চুবুৰীয়াৰ ভিৰ একত্ৰিত হৈ তেওঁৰ ঘৰত জুই লগাই দিয়ে।দুদিন পূৰ্বে ভাইৰেল হোৱা ভিডিঅ’টোত হুৰেম হেৰোডাছ মেইটেইয়ে দুগৰাকী মহিলাক নৃশংসভাৱে নিৰ্যাতন চলাইছিল।

মূল অভিযুক্ত হুৰেম হেৰোডাছ মেইটেইৰ ঘৰত অগ্নি সংযোগ কৰা সকলৰ ভিতৰত বেছিভাগ মহিলা। ক্ষোভিত মহিলা সকলে কয় যে তেওঁলোক মেইটেই সম্প্ৰদায়ৰ হ’লেও এই ধৰণৰ নিষ্ঠুৰতাক সমৰ্থন নকৰে। উল্লেখ্য যে যোৱা ৩ মে’ত মণিপুৰত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল। ৪ মে’ত কুকি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক উলংগ কৰি গাঁৱত পেৰেড কৰাই নিৰ্যাতন চলাইছিল মেইটেই সম্প্ৰদায়ৰ এদল দুস্কৃতিকাৰীয়ে

দুমাহৰ পিছত এই নৃশংস কাণ্ডৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি হৈছে। হুৰেম হেৰোডাছ মেইটেইৰ লগতে এই নৃশংস ঘটনাৰ লগত জড়িত আন তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই লোক তিনিজন হৈছে নংপক ছেকমাইৰ বাসিন্দা ইউলেমেম্বাম জিবান, খুণ্ডোংবাম অৰুণ আৰু নিংগোম্বাম টম্বা। ইফালে মণিপুৰৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে দেশৰ উচ্চতম ন্যায়ালয়ে চৰকাৰ ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।