বিশ্বনাথ, ১৪ মে’ : অচিন ৰোগৰ প্ৰদুৰ্ভাৱ ঘটিছে। অচিন ৰোগত আক্ৰান্ত হৈ একেটা পৰিয়ালৰ তিনি গৰাকী যুৱতীৰ মৃত্যু (Three died due to unidentified decease)। পৰিয়ালটোৰ আন এগৰাকী যুৱতীও আক্রান্ত হৈছে অচিন ৰোগটোত। স্বাস্থ্য বিভাগৰ লোকে অচিন ৰোগত আক্রান্ত যুৱতী গৰাকীৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে। অঞ্চলজুৰি অচিন ৰোগটোকলৈ আতংকময় পৰিৱেশ।

ৰাজ্যত প্ৰদুৰ্ভাৱ ঘটিছে এক মাৰাত্মক অচিন ৰোগৰ। ইতিমধ্যে এই অচিন ৰোগত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে তিনি গৰাকীকৈ যুৱতী। মৃত যুৱতী তিনি গৰাকী একেটা পৰিয়ালৰ সদস্য। সম্পৰ্কত মৃত তিনিও গৰাকী যুৱতী বায়েক-ভনীয়েক। যুৱতী তিনি গৰাকীৰ আৰু এগৰাকী ভগ্নীৰ দেহত দেখা দিছে অচিন ৰোগটোৰ লক্ষণ। ইয়াকেলৈ পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতি।

শোণিতপুৰ জিলাৰ বিহালীত এক অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাত সমগ্ৰ বিহলী অঞ্চলত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ। অচিন ৰোগটোত আক্রান্ত হৈ একেটা পৰিয়ালৰ তিনি গৰাকী যুৱতী মৃত্যুৰ মুখত পৰাত বিহলীবাসী ৰাইজ এক আতংকময় পৰিস্থিতিৰ মাজত দিন পাৰ কৰিব লগা হৈছে। মাজু আই সদৃশ ফোঁহাত আক্রান্ত হৈ শৰীৰৰ বিভিন্ন অংগ আৰু পেটৰ বিষৰ ফলত অকাল মৃত্যুক সাৱতি ল’লে একেটা পৰিয়ালৰ তিনি গৰাকী যুৱতীয়ে৷

উল্লেখ্য যে যোৱা ১১ মাৰ্চত বিহালীৰ ভীমদঙ্গা গাঁৱৰ বিৰেণ ঘাটোৱাৰ নামৰ এজন লোকৰ ২৭ বছৰীয়া কন্যা ৰঞ্জু ঘাটোৱাৰ আৰু ২৫ বছৰীয়া কন্যা মণিকা ঘাটোৱাৰ এই মাজু আই সদৃশ ফোঁহাত আক্রান্ত হৈ অত্যন্ত শৰীৰৰ বিভিন্ন অংগ আৰু পেটে বিষত ভুগি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ অৱশেষত মৃত্যুৰ মুখত পৰে। ইয়াৰে কিছুদিন পিছত বিৰেণ ঘাটোৱাৰ ১৩ বছৰীয়া কন্যা লক্ষ্মী ঘাটোৱাৰৰো শৰীৰটো দেখা পোৱা যায় একে আৰু ঘৰতে মৃত্যু হয় লক্ষ্মী ঘাটোৱাৰৰ।

শেহতীয়াকৈ বিৰেণ ঘাটোৱাৰৰ অন্য এগৰাকী ২৫ বছৰীয়া কন্যা জুন ঘটোৱাৰৰ শৰীৰটো দেখা দিছে একে ৰোগ। এই অচিন ৰোগৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে অৱগত হৈ জিলা স্বাস্থ্য বিভাগৰ এটা দল ভীমদঙ্গা গাঁৱৰ বিৰেণ ঘাটোৱাৰৰ ঘৰত উপস্থিত হৈ অচিন ৰোগত আক্রান্ত জুন ঘটোৱাৰৰ শৰীৰৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰিছে। স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই কয় “ৰোগটো মাজু আই সদৃশ যদিও মাজু আইত আক্রান্ত লোকৰ মাজত শৰীৰ আৰু পেটৰ বিষ দেখিবলৈ পোৱা নাযায়। আমি তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিম, তেজৰ নমুনাৰ প্ৰতিবেদন অহাৰ পিছতে নিশ্চিত হ’ব পৰা যাব যে আচলতে এইটো কেনেধনৰ ৰোগ।”

স্বাস্থ্য বিভাগৰ বিষয়া গৰাকীয়ে লগতে কয় যে এই ৰোগটো বীজাণুৰ সংক্ৰমণৰ ফলত হোৱা ৰোগ যে অনুভৱ হৈছে। যিহেতু একেটা পৰিয়ালৰ তিনি গৰাকী যুৱতীৰ এই ৰোগত আক্রান্ত হৈ মৃত্যু হৈছে আৰু পৰিয়ালটোৰ আন এগৰাকী বৰ্তমানেও আক্রান্ত হৈ আছে গতিকে এই ৰোগটো সংক্ৰমণ হোৱা ৰোগ। স্বাস্থ্য বিভাগৰ দলে গাঁওখনত আৰু কোনোবা লোক এই ৰোগ আক্রান্ত হৈছে নেকে ইয়াকেলৈ গাঁওখনত তীক্ষ্ণ দৃষ্টি ৰাখিছে। স্বাস্থ্য বিভাগে মাজু আই বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও তেজৰ নমুনাৰ প্ৰতিবেদন অহাৰ পিছতে ৰোগটোৰ বিষয়ে সবিশেষ জানিব পৰা যাব।।