নিউজ ডেস্ক, ১৩ মে’ : কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে (Karnataka Election Counting)। কৰ্ণাটকত কংগ্ৰেছ দল বৃহৎ জয়ৰ দিশে অগ্ৰসৰ হৈছে। ইফালে বিজেপিয়ে দক্ষিণ ভাৰতৰ নিজৰ একমাত্ৰ দুৰ্গ ৰক্ষা কৰাত বিফল হ’ল। কটনাটক ৰক্ষা কৰিব নোৱাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। আনফালে বৃহৎ জয়ৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ জনতাক উদ্দেশ্যি কয় “প্ৰেমৰ দোকান নিৰ্বাচন কৰাৰ বাবে কৰ্ণাটকৰ জনতাক ধন্যবাদ।”

শনিবাৰে (১৩ মে’) কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত কৰা হয়। পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰথম অৱস্থাৰ পৰাই কংগ্ৰেছ দলে অগ্ৰগতি লাভ কৰাপৰিলক্ষিত হয়। দুপৰীয়াৰ ভাগত স্পষ্ট হৈ উঠে যে কৰ্ণাটকৰ জনতাই এইবাৰ বিজেপিক প্ৰত্যাখ্যান কৰি কৰি কংগ্ৰেছ দলক চৰকাৰ গঠনৰ সুবিধা প্ৰদান কৰিছে। ২২৪ খন আসনৰ কৰ্ণাটক বিধানসভাৰ ১৩৮ খন আসনত (বাতৰি লিখা সময়লৈকে) কংগ্ৰেছ দল আগুৱাই আছিল।

আনহাতে কৰ্ণাটকৰ জনতাই প্ৰত্যাখান কৰা বিজেপিয়ে মাত্ৰ ৬৩ খন আসনত আগুৱাই আছিল। ইয়াৰ পৰিবৰ্তে জে ডি এছ ২০ খন আৰু অন্যান্যই ৩ খন আসনত আগুৱাই আছিল। কংগ্ৰেছ দলে অগ্ৰগতি কৰা আসনৰ সংখ্যাই স্পষ্ট কৰিছে যে এইবাৰ কৰ্ণাটকত কংগ্ৰেছৰ হাতলৈ গৈছে। এতিয়া কেৱল মাত্ৰ আনুষ্ঠানিক ঘোষণাৰে অপেক্ষা। কৰ্টনাটকত কংগ্ৰেছ দলৰ এই বৃহৎ সফল্যত দেশজুৰি কংগ্ৰেছ কর্মী সকল উৎফুল্লিত হৈ উঠিছে।

কৰ্ণাটক নিৰ্বাচনৰ ফলাফলে এফালে যদি কংগ্ৰেছ দলক দীৰ্ঘসময়ৰ মূৰত প্ৰচণ্ড জয়ৰ স্বাদ দিছে, আনফালে আকৌ কৰ্ণাটকৰ পৰাজয়ৰ ফলত বিজেপিয়ে দক্ষিণ ভাৰতৰ নিজৰ একমাত্ৰ দুৰ্গ হেৰুৱাইছে। কংগ্ৰেছৰ এই প্ৰচণ্ড জয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় “আমি কৰ্ণাটকৰ যুঁজখনত হিংসাৰে নহয়, প্ৰেমেৰে অৱতীৰ্ণ হৈছিলোঁ। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ কৰ্মকর্তা আৰু নেতা সকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰেমৰ দোকান নিৰ্বাচন কৰাৰ বাবে কৰ্ণাটকৰ জনতাক ধন্যবাদ।”

কৰ্ণাটক জয়ৰ দিশে কংগ্ৰেছ দল অগ্ৰসৰ হোৱাত দেশজুৰি কংগ্ৰেছ দলৰ কাৰ্যালয় সমূহত উৎসৱমুখৰ পৰিৱেশ। ফটকা ফুটাই, মিঠাই খাই কংগ্ৰেছ কৰ্মকর্তা সকলে বিজয় উৎসৱ পালন কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে কৰ্ণাটক বিধানসভাৰ ২২৪ খন আসনৰ বাবে যোৱা ১০ মে’ত ভোটদান হৈছিল। চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১১৩ খন আসন। এইবাৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনত মুঠ ২,৬১৫ জন প্ৰাৰ্থী আছিল।