নিউজ ডেস্ক : ক্ৰমাৎ অধিক অৱনতি ঘটিছে নাগালেণ্ডৰ পৰিস্থিতিৰ। নাগালেণ্ডৰ পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ দিশত। অসম ৰাইফলছৰ কেম্পত আক্ৰমণ উত্তেজিত ৰাইজৰ। হাতে হাতে বন্দুক লৈ ওলাই আহিছে উত্তেজিত লোক।

নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ মন জিলা জ্বলিছে। ২১ পেৰা কামাণ্ডোৰ গুলীত নিৰীহ লোকৰ মৃত্যুক কেন্দ্ৰ কৰি ক্ৰমাৎ অধিক উত্তপ্ত হৈ পৰিছে মন জিলা। এনএছচিএন (কে)ৰ সদস্যৰ সন্দেহত ২১ পেৰা কামাণ্ডোই গুলীয়াই হত্যা কৰিছিল নিৰীহ লোকক।

২১ পেৰা কামাণ্ডোৰ গুলীত দুজন নিৰীহ লোক নিহত হোৱাৰ পিছতে জ্বলি উঠে নাগালেণ্ডৰ মন জিলা। উত্তেজিত ৰাইজে নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰাৰ লগতে নিৰাপত্তাৰক্ষীৰ বহনত অগ্নি সংযোগ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰক্ষীয়ে উত্তেজিত ৰাইজৰ ওপৰত গুলী চালনা কৰিবলৈ বাধ্য হয়।

নিৰাপত্তাৰক্ষীৰ গুলী চালনাত পুনৰ নিহত হয় ১৩ জনকৈ নিৰীহ লোক। এই ঘটনাত এখন নিৰাপত্তাৰক্ষীৰ লোক নিহত হোৱাৰ লগতে আহত হয় কেইবাজনো নিৰাপত্তাৰক্ষীৰ লোক। ঘটনাত আহত লোক সকলক সুণাৰি আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।

শনিবাৰৰ নিশা সংঘটিত হোৱা এই ঘটনাই পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰে দেওবাৰে। উত্তেজিত ৰাইজে মন জিলাত থকা অসম ৰাইফলছৰ কেম্পত আক্ৰমণ চলাই অগ্নি সংযোগ কৰে। পুনৰবাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলী চালনা কৰিব লগীয়া হোৱাত এজন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয়।

নাগালেণ্ডৰ মন জিলাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰখি মন জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে প্ৰশাসনে। সামাজিক মাধ্যমৰ জড়িয়তে যাতে কোনো ধৰণৰ ভুৱা বাতৰি প্ৰচাৰ নহয় ইয়াৰ বাবেই ইণ্টাৰনেটত সেৱা বন্ধ কৰি দিয়া হৈছে। ইফালে জানিব পৰা মতে নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ বাতিল কৰা হৈছে মন জিলাৰ ঘটনাৰ পিছতে।