তিনিচুকীয়া, ১৮ জুন, ২০১৩ : নতুন মটৰ চাইকেলখনে (New Motor Cycle) কাল হ’ল তিনি বন্ধুৰ। নতুন মটৰ চাইকেলখনলৈ ফুৰিবলৈ ওলাই গৈ ঘূৰি নাহিল মানসজ্যোতি বৰগোহাঁই, ৰূপম চুতীয়া আৰু শান্তনু ফুকন। চিন্নাই আৰু গুৱাহাটীত কৰ্মৰত তিনি বন্ধু দীৰ্ঘদিনৰ মূৰত আহিছিল ঘৰলৈ। এতিয়া তিনিও বন্ধুৰ ঘৰত কান্দোনৰ ৰোল।

এক ভয়ংকৰ পথ দুর্ঘটনাত নিহত হ’ল তিনি বন্ধু। নতুন মটৰ চাইকেল লৈ ফুৰিবলৈ ওলাই গৈ এখন মেজিক বাহনৰ লগত হোৱা মুখামুখী সংঘৰ্ষত কৰুণ মৃত্যু হয় তিনি বন্ধুৰ। শনিবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হোৱা ভয়ংকৰ পথ দুর্ঘটনাত মৃত্যু হয় মানসজ্যোতি বৰগোহাঁই, ৰূপম চুতীয়া আৰু শান্তনু ফুকন নামৰ তিনি বন্ধুৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰত।

কাকপথাৰৰ ডিৰাক আমগুৰিত সংঘটিত হোৱা ভয়ংকৰ পথ দুর্ঘটনাটোত কাকপথাৰ ওপৰ উবন গাঁৱৰ মানসজ্যোতি বৰগোহাঁই নামৰ যুৱকজনৰ গুৰত্বৰভাৱে আহত অৱস্থাত তিনিচুকীয়ালৈ প্ৰেৰণ কৰাৰ সময়ত মৃত্যু হয়। আনহাতে একেখন গাঁৱৰ ৰূপম চুতীয়া আৰু শান্তনু ফুকন নামৰ যুৱক দুজনৰ চিকিৎসালয়ত মৃত্যু হয়। যুৱক তিনিজনৰ এজন চিন্নাইত আৰু দুজন গুৱাহাটীত কৰ্মৰত আছিল।

কিছুদিন পূৰ্বে তিনিও নিজ নিজ ঘৰলৈ আহিছিল। ইয়াৰে মানসজ্যোতি বৰগোহাঁই নামৰ যুৱকজনে দুর্ঘটনাগ্ৰস্ত মটক চাইকেলখন কেইদিনমান পূৰ্বে কিনিছিল। মানসজ্যোতি বৰগোহাঁই সাত মহীয়া সন্তানৰ অন্নপ্ৰাসন্ন পাতিবলৈ বুলি গুৱাহাটীৰ কৰ্মস্থলীৰ পৰা নিজ ঘৰলৈ আহিছিল। দুর্ঘটনাগ্রস্ত মটৰ চাইকেলখনৰ নম্বৰ এএছ-২৩-এডি-৮৯৭৬।

ভয়ংকৰ পথ দুর্ঘটনাত তিনি বন্ধুৰ মৃত্যু হোৱা ঘটনাই কাকপথাৰ ওপৰ উবন গাঁৱৰ লগতে কাকপথাৰত শোকৰ ছাঁ পেলাইছে। ইফালে যুৱক তিনিজনৰ ঘৰত কান্দোনৰ ৰোল। দুদিন পূৰ্বে কৰ্মস্থলীৰ পৰা গাঁৱৰ ঘৰলৈ আহি চিৰদিনৰ বাবে তিনি বন্ধু গুচি যোৱাৰ এই ঘটনাত গাঁওখনৰ ৰাইজ শোকত ভাঙি পৰিছে।