তিনিচুকীয়া : কাপোৰৰ মাজত লুকুৱাই আনিছিল ৩০ লক্ষাধিক টকা মূল্যৰ হে’ৰইন। আৰক্ষীয়ে তালাচী চলাই জব্দ কৰে হে’ৰইনখিনি (War Against Drugs)। ডিমাপুৰৰ পৰা অহা নৈশ বাছত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে হে’ৰইনখিনি। চাৰিজনকৈ লোকক আটক কৰি আৰক্ষীৰ জেৰা অব্যাহত।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। প্ৰতিদিনে আৰক্ষীৰ অভিযানত জব্দ হৈ আছে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। আৰক্ষীৰ জালত পৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে অসমৰ মাজেৰে ড্ৰাগছৰ সৰবৰাহ চলাই আছে।

শনিবাৰে পুনৰ আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হে’ৰইন। পুৱাৰ ভাগত ডিমাপুৰৰ পৰা আহ এখন নৈশ বাছত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ। তিনিচুকীয়া আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰে এই বৃহৎ সাফল্য। এক গোপন খবৰৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই নৈশ বাছখনত তালাচী চলাই কাপোৰৰ মাজত লুকুৱাই অনা ৬০ টা হে’ৰইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।

তিনিচুকীয়া আৰক্ষীৰ ফালৰ পৰা জানিবলৈ দিয়ে যে জব্দ কৰা হে’ৰইনখিনিৰ বজাৰ মূল্য ৩০ লক্ষাধিক টকা হ’ব। ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ অহা এএছ-০১-জেচি-৬৮৫৪ নম্বৰৰ পূজা নামৰ নৈশ বাছখনত কাপোৰৰ মাজত এই বৃহৎ পৰিমাণৰ হে’ৰইনখিনি লুকুৱাই অনা হৈছিল। আৰক্ষীয়ে নৈশ বাছখনৰ চালক, হেণ্ডিমেনৰ লগতে দুজন লোকক আটক কৰিছে।

নৈশ বাছখনৰ পৰা হে’ৰইনখিনি নিবলৈ অহা এজন লোককো তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে লোক কেইজনক জেৰা অব্যাহত ৰাখিছে। তিনিচুকীয়া আৰক্ষীয়ে বৰ্তমানলৈকে লাভ কৰা ড্ৰাগছ বিৰোধী অভিযান সমূহৰ সাফল্যৰ এইটো সৰ্ববৃহৎ সাফল্য বুলি জানিবলৈ দিয়ে তিনিচুকীয়া আৰক্ষীয়ে।